নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন ১৯৫৪… প্ৰকৃততে কি হৈছিল প্ৰয়াগৰাজ কুম্ভমেলাত, জানক…

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ প্ৰয়াগৰাজত আজি (২৯ জানুৱাৰী) মৌনি অমৱস্যাৰ দিনা দ্বিতীয়টো ৰাজস্নান অনুষ্ঠিত হৈছে। এই ৰাজস্নানৰ ঠিক আগতেই ৰাতি প্ৰায় এক বজাত সংগমত হুলস্থুলৰ সৃষ্টি হ’ল। ইয়াৰ ফলত এক ডজন লোক নিহত হোৱাৰ লগতে বহু আহত হোৱাৰ খবৰ আহিছে যদিও প্ৰশাসনীয় দিশৰ পৰা ইয়াত নিশ্চিত কৰা হোৱা নাই। এই দুৰ্ঘটনাই আমাক মনত পেলাই দিলে ৭১ বছৰ পূৰ্বে সংঘটিত হোৱা কুম্ভমেলাৰ ঘটনাৰ কথা, য’ত ৮০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। আচলতে স্বাধীন ভাৰতৰ প্ৰথম মহাকুম্ভৰ আয়োজন হৈছিল এলাহাবাদ অৰ্থাৎ আজিৰ প্ৰয়াগৰাজত। ১৯৫৪ চনত আয়োজিত এই মহাকুম্ভত মৌনি অমাৱস্যা আছিল ৩ ফেব্ৰুৱাৰীত। ৰাজস্নানৰ বাবে সংগমৰ পাৰত উপস্থিত আছিল লাখ লাখ লোক। সেইদিনা তাত উপস্থিত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুও। কোৱা হয় যে তেওঁক চাবলৈ গোট খোৱা ভিৰৰ বাবেই এই হুলস্থুলৰ সৃষ্টি হৈছিল। অৱশ্যে সেই সময়ৰ বাতৰিকাকতবোৰ চালে কাহিনীটো কিছু বেলেগ দেখা যায়। ১৯৫৪ চনৰ ৩ ফেব্ৰুৱাৰীত ৰাজস্নানৰ দিনা গংগাৰ পাৰত বৃহৎসংখ্যক লোক থিয় হৈ আখৰাৰ শোভাযাত্ৰা চাবলৈ ধৰিছিল। লাহে লাহে ভিৰ বাঢ়িবলৈ ধৰিলে যদিও শোভাযাত্ৰাৰ বাবে বাহিৰলৈ ওলাই যাবলৈ ঠাই নাছিল। ঠেলা-ঠেলা আৰম্ভ হোৱাৰ লগে লগে নগা সাধুৰ শোভাযাত্ৰাৰ মাজৰ পৰা মানুহে ওলাই আহিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। কোৱা হয় যে তেতিয়া সাধুসকলে নিজৰ ত্ৰিশূল ভক্তৰ ফালে ঘূৰাই দিলে। এনে পৰিস্থিতিত মানুহ ওলাই আহিব নোৱাৰিলে আৰু এই হুলস্থুলৰ বাবে কোনোবাই থেতেলিয়াই মৃত্যুমুখত পৰে আৰু কোনোবাই গংগাত উটি যায়। বহু খবৰত এইটোও কোৱা হৈছে যে সেইদিনা প্ৰায় ১০ বজাত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ গাড়ীখনে ত্ৰিবেণী পথৰ পৰা ওলাই আহিছিল। এই বিষয়ে মানুহে গম পালে বেৰিকেড ভাঙি নিজৰ প্ৰধানমন্ত্ৰীক চাবলৈ আগবাঢ়িবলৈ ধৰিলে। এই সময়ছোৱাত নগা সাধুৰ শোভাযাত্ৰা চলি আছিল। ভিৰ বৰ বেছি হৈ পৰাত মানুহে ওলাই যোৱাৰ বাট বিচাৰি নাপালে। এনে পৰিস্থিতিত বিশৃংখলতা আৰম্ভ হয় আৰু হুলস্থুলৰ সৃষ্টি হয়। এই দুৰ্ঘটনাত ৮০০ৰ পৰা ১০০০ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছিল। ইয়াৰ উপৰিও ২০০০ৰো অধিক লোক আহত হোৱাৰ খবৰ আহিছিল কিছুদিন পিছত বাজেট অধিবেশনৰ সময়ত প্ৰধানমন্ত্ৰী নেহৰুৱে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে।

You might also like