ছত্তিশগড়ত ভয়ানক নক্সালবিৰোধী অভিযান, নিহত ২২
নিউজ ডেস্ক, ২০ মাৰ্চঃ ছত্তিশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা তীব্ৰ সংঘৰ্ষত নিৰাপত্তাৰক্ষীয়ে নক্সালবাদীৰ বিস্তৰ ক্ষতি কৰিছে। বিজাপুৰ-দান্তেৱাড়া সীমান্তৰ গংগালুৰ থানাৰ অন্তৰ্গত বনাঞ্চলত সংঘটিত এনকাউণ্টাৰত ১৮জন নক্সালবাদী নিহত হোৱা বুলি বিজাপুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে কাংকেৰত চাৰিজন নক্সালবাদীক হত্যা কৰা হৈছিল। অৱশ্যে ইয়াত এজন জোৱানো শ্বহীদ হ’ল।
বিজাপুৰৰ গংগালুৰ অঞ্চলৰ আন্দ্ৰিৰ বনাঞ্চলত সংঘটিত হয় এই সংঘৰ্ষ। আৰক্ষী অধীক্ষকে কয় যে এই এনকাউণ্টাৰ এতিয়াও চলি আছে। আৰক্ষী বিষয়াসকলে জনোৱা মতে, গংগালুৰ থানা এলেকাত নিৰাপত্তাৰক্ষীৰ যৌথ দলে নক্সালবিৰোধী অভিযান চলাই থকাৰ সময়তে এই এনকাউণ্টাৰ আৰম্ভ হয়। বিষয়াসকলে জনোৱা মতে, এতিয়াও অঞ্চলটোত মাজে মাজে গুলীচালনা চলি আছে।
উদ্ধাৰ গোলা-বাৰুদ
দৰাচলতে ডি আৰ জি, এছ টি এফ আৰু চি আৰ পি এফৰ যৌথ দল এটাই বিজাপুৰ আৰু দান্তেৱাড়া সীমান্তৱৰ্তী অঞ্চলত থানা গংগালুৰ অঞ্চলৰ অধীনত নক্সালবিৰোধী অভিযানত ওলাইছিল অস্ত্ৰ আৰু গোলা-বাৰুদৰ। এই এনকাউণ্টাৰত এজন বিজাপুৰৰ ডি আৰ জি জোৱানো শ্বহীদ হয়।
আমেৰিকাৰ সদৃশ হ’ব অসমৰ ৰাষ্ট্রীয় ঘাইপথ