নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰত ভুৱা বিবাহৰ কাগজ ব্যৱহাৰ কৰি ১৯ কোটি টকাৰ সম্পত্তি জব্দ কৰাৰ অপৰাধত ৩জনক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ৫ অক্টোবৰঃ মহাৰাষ্ট্ৰৰ থানে চহৰৰ পৰা এজন খ্ৰীষ্টান পুৰোহিত, বাৰত কাম কৰা এগৰাকী মহিলা আৰু এগৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন মৃত লোকৰ ভুৱা বিবাহৰ প্ৰমাণ পত্ৰ তৈয়াৰ কৰি ১৯.৭০ কোটি টকাৰ সম্পত্তি দখল কৰাৰ অভিযোগত। অভিযুক্ত দুজন হৈছে অঞ্জলি আগৰৱালা (৩০), থমাছ ৰামুল গোডপাৱাৰ (৫০) আৰু মহেশ কাটকাৰ (৩৭)। বাৰত কৰ্মৰত আগৰৱালাই ৩৫ বছৰ বয়সৰ এজন গ্ৰাহকৰ প্ৰেমত পৰিছিল। সেইজন গ্ৰাহকে সঘনাই বাৰখনলৈ গৈছিল। কিন্তু ২০২১ চনৰ নৱেম্বৰ মাহত তেওঁৰ মৃত্যুৰ পিছত আগৰৱালাই আন দুজন অভিযুক্তৰ সহায়ত এখন ভুৱা বিবাহৰ প্ৰমাণ পত্ৰ তৈয়াৰ কৰি থানে চহৰৰ কাভেছাৰত তেওঁৰ সম্পত্তি দখল কৰে, যাৰ মূল্য আছিল ১৯.৭০ কোটি। তেওঁলোকৰ অনিয়ম পোহৰলৈ অহাৰ পিছতে মৃত লোকজনৰ মাতৃয়ে নৌপাদা থানাত এজাহাৰ দাখিল কৰে, যাৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হয়। অভিযোগত কোৱা হৈছে যে অভিযুক্তই ভুৱা বিবাহৰ প্ৰমাণ পত্ৰ দেখুৱাই তেওঁৰ সম্পত্তি দখল কৰে। স্থানীয় আদালতত হাজিৰ কৰোৱাত অভিযুক্তকেইজনক ৭ অক্টোবৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

You might also like