এবছৰত দেশজুৰি ৩০.৫০ লাখ লোকক কুকুৰৰ কামোৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ আগষ্টঃ কুকুৰৰ কামোৰত গুৰুতৰভাৱে আহত, মৃত্যু কুকুৰক লৈ কাজিয়া, মাৰপিট, মৃত্যু আদালতত গোচৰ নির্দয় কুকুৰ নিধন অভিযান বিগত এটা বছৰত বাৰে বাৰে খবৰলৈ আহিছে কুকুৰ৷ সেয়া পোহনীয়াই হওক বা পথ কুকুৰেই হওক৷ এই অৱস্থাত কেন্দ্রীয় চৰকাৰৰ এক পৰিসংখ্যাক লৈ বিভিন্ন মহলৰ চকু কপালত উঠিছে৷ পৰিসংখ্যাত উল্লেখ কৰা হৈছে যে ২০২৩ চনত প্রায় ৩০ লাখ ৫০ হাজাৰ মানুহক কুকুৰে কামুৰিছে সমগ্র দেশত৷ কুকুৰৰ কামোৰত বিগত বর্ষটোত মৃত্যু হৈছে ২৮৬জনৰ৷ কুকুৰৰ কামোৰৰ ঘটনা বৃদ্ধি পোৱাৰ বাবে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক এই সন্দর্ভত তথ্য সংগ্রহৰ নির্দেশ দিছিল কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ পথ কুকুৰ আৰু পোহনীয়া কুকুৰৰ কামোৰৰ ঘটনাৰ তথ্য পৃথককৈ ৰখাৰো নির্দেশ দিছে৷ কেন্দ্রীয় মন্ত্রী ৰাজীৱ ৰঞ্জন সিঙে সংসদত বিগত বর্ষটোত কুকুৰৰ কামোৰৰ ঘটনা সন্দর্ভত সবিশেষ প্রতিবেদন দাখিল কৰিছে৷