নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ বছৰ দাম্পত্য জীৱন সম্পূৰ্ণ কৰিলেই ‘স্বর্ণ সংগী সন্মান’

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ আগষ্টঃ দাম্পত্য জীৱনৰ ৫০ বছৰ অতিক্রম কৰিলে কলকাতা পৌৰ নিগমে তেনে দম্পতীক পুৰস্কৃত কৰাৰ সিদ্ধান্ত লৈছে৷ সাংসাৰিক জীৱনত দৈনন্দিন কাজিয়া তথা বিভিন্ন সমস্যা সত্ত্বেও বিচ্ছেদ নোহোৱাকৈ ৫০টা বছৰ অতিক্রম কৰিলে কলকাতা পৌৰ নিগমৰ ৩০নং ৱার্ডে তেনে দম্পতীক গ’ল্ডেন জুবিলী সন্মান প্রদান কৰিব৷ অভিনৱ এই পুৰস্কাৰৰ নাম দিয়া হৈছে ‘স্বর্ণ সংগী সন্মান’৷ কেৱল পশ্চিমবংগৰ দম্পতীয়ে এই সন্মান লাভ কৰিব৷ এই অভিনৱ পুৰস্কাৰ প্রদানৰ বাবে উদ্যোগ লৈছে মেয়ৰ পাৰিষদ স্বপন সমাদ্দাৰে৷ ১৫ আগষ্টৰ বিয়লি এই অভিনৱ পুৰস্কাৰ প্রদান কৰা হ’ব৷ প্রতিযোগিতাত কোনো দম্পতীয়ে নিজৰ নাম দিব নালাগে বুলি পৌৰ নিগমৰ তৰফৰ পৰা জনাই দিয়া হৈছে৷ পৌৰ নিগমে তেনে দম্পতীক নিজেই বিচাৰি উলিয়াব৷ ছ’চিয়েল মিডিয়াত এতিয়া বিবাহ বিচ্ছেদক লৈ সঘনে বহু খবৰ বিয়পি থাকে৷ এনে পৰিস্থিতিত অর্ধশতাব্দী ধৰি সংসাৰত একেলগে থকা দম্পতীক পুৰস্কৃত কৰাৰ প্রয়োজন বুলি অনুভৱ কৰিছে কলকাতা পৌৰ নিগমে৷ নতুন প্রজন্মই বিবাহ বিচ্ছেদৰ কথা সঘনে ভাবিবলৈ লৈছে৷ পত্নীৰ সৈতে স্বামীৰ বিচ্ছেদৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত নতুন প্রজন্মৰ বাবে এয়া এক শিক্ষা তথা অনুকৰণীয় দিশ হ’ব বুলি ধাৰণা কৰিছে পৌৰ নিগমে৷ লক্ষণীয়ভাৱে বিবাহ বিচ্ছেদৰ বাবে এতিয়া বহু মনোবিজ্ঞানী তথা মানসিক ৰোগ চিকিৎসকে বজাৰ অর্থনীতিকে জগৰীয়া কৰিছে৷ অতীতত বিচ্ছেদৰ কথা ভবাটোও জটিল আছিল৷ কিন্তু আজিৰ মুহূর্তত বিবাহ বিচ্ছেদ হৈ পৰিছে দৈনন্দিন ঘটনা৷ গতিকে কলকাতা পৌৰ নিগমে স্বর্ণ সংগী সন্মানৰ কথা চিন্তা কৰিছে৷

You might also like