নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৪০ ফুট গভীৰ কুঁৱাত পৰিল ১৮ বছৰীয়া তৰুণী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জানুৱাৰীঃ ৰাজস্থানৰ পিছত এইবাৰ গুজৰাটত শিহৰণকাৰী ঘটনা৷ ৫৪০ ফুট গভীৰ কুঁৱাত পৰি গ’ল ১৮ বছৰীয়া এজনী তৰুণী৷ গুজৰাটৰ কচ্ছ জিলাৰ ভুজ তালুকৰ কান্দেৰাই গাঁৱত সংঘটিত হৈছে এই ঘটনা৷ ভুজৰ উপ–জিলা শাসক এবি যাদৱে উল্লেখ কৰা অনুসৰি, তৰুণীজনী কুঁৱাটোৰ ৪৯০ ফুট গভীৰত আবদ্ধ হৈ আছে৷ তৰুণীজনীক উদ্ধাৰ কৰাৰ বাবে যুদ্ধকালীন তৎপৰতা চলাইছে কেইবাটাও বাহিনীয়ে৷ কালি পুৱা ৬ বজাত সংঘটিত হৈছে এই ঘটনা৷ স্থানীয় সূত্রই সদৰী কৰা অনুসৰি, তৰুণীজনীৰ পৰিয়াল প্রব্রজিত শ্রমিক৷ ৰাজস্থানৰ পৰা কামৰ সন্ধানত গুজৰাটলৈ আহিছিল পৰিয়ালটো৷ কালি ভৰি পিছলি এই তৰুণীজনী কুঁৱাত পৰি যায়৷ কিছু সময় পিছতে তৰুণীৰ পৰিয়ালে ঘটনাৰ বিষয়ে জানিবলৈ সক্ষম হয়৷ আৰম্ভ হয় উদ্ধাৰ অভিযান৷ কেমেৰাৰ সহায়ত কুঁৱাৰ ভিতৰত তৰুণীজনীৰ গতিবিধি বুজাৰ চেষ্টা চলোৱা হৈছে৷ পাইপৰ সহায়ত প্রেৰণ কৰা হৈছে অক্সিজেনো৷ কিন্তু উদ্ধাৰকাৰীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, কুঁৱাৰ ভিতৰত তৰুণীজনী জীৱিত থকা বুলি এতিয়াও ধাৰণা কৰিব পৰা হোৱা নাই৷ লক্ষণীয়ভাৱে ঘটনাস্থলীত উপস্থিত হৈছে বিএছএফ আৰু এনডিআৰএফৰ দল৷ দুয়োটা বাহিনীয়ে উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছে৷

You might also like