নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদ ৬০০, চাকৰি প্রার্থী ২৫ হাজাৰ : মুম্বাইত এয়াৰ ইণ্ডিয়াৰ হাহাকাৰ অৱস্থা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুলাইঃ ৬০০ খালী পদ৷ চাকৰি প্রার্থী ২৫ হাজাৰ। মুম্বাইৰ কালিনাত এই চাকৰি প্রার্থীসকলৰ ভিৰ দেখি হতচকিত হৈ পৰিল এয়াৰ ইণ্ডিয়াৰ কর্মীসকল৷ পৰিস্থিতি এনে পর্যায় পালে যে যিকোনো মুহূর্ততে পদপিষ্ট হৈ প্রাণ হেৰুৱাব ভিৰ কৰা বহু চাকৰি প্রার্থীয়ে৷ কালি দেশৰ বাণিজ্যিক ৰাজধানী হিচাপে চিহ্ণিত মুম্বাইত এই দৃশ্য দেখাৰ লগে লগে চৰকাৰৰ নিয়োগ নীতিক লৈ বিভিন্ন মহলে প্রশ্ন তুলিছে৷ উল্লেখনীয় যে বিমানবন্দৰৰ ল’ডাৰৰ পদত ৬০০ কর্মীক নিযুক্তি দিয়াৰ বাবে প্রস্তুতি চলাইছিল এয়াৰ ইণ্ডিয়াই৷ বিমানবন্দৰত মাট উঠা–নমোৱা কামৰ বাবে সাধাৰণতে এই পদত নিযুক্তি দিয়া হয়৷ বেতন ২০ৰ পৰা ২৫ হাজাৰ টকা হ’লেও অভাৰ টাইমত কাম কৰিলে ৩০ হাজাৰ পর্যন্ত হ’ব পাৰে৷ শিক্ষাগত যোগ্যতাৰ কোনো চর্ত নাই৷ কিন্তু প্রার্থীসকল হ’ব লাগিব শাৰীৰিকভাৱে শক্তিশালী৷ নিযুক্তিৰ সিদ্ধান্ত লোৱাৰ পাছতে ২৫ হাজাৰতকৈ অধিক চাকৰি প্রার্থীয়ে আহি ফর্ম লোৱা কাউণ্টাৰত ভিৰ কৰিবলৈ লয়৷ দীর্ঘসময় ধৰি খাদ্য আৰু পানী অবিহনেই থাকিবলগীয়া হয় প্রার্থীসকল৷ শেষত প্রার্থীসকলক কাউণ্টাৰৰ পৰা আঁতৰি যাবলৈ নির্দেশ দিয়ে৷ নিযুক্তি দিবলৈ গৈ ভয়াৱহ দুর্ঘটনাৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল এয়াৰ ইণ্ডিয়াৰ বাবে৷ কিন্তু ঠেলা–হেঁচাত কোনো প্রার্থী পৰি নোযোৱাৰ বাবে কার্যত স্বস্তিৰ নিঃশ্বাস লৈছে এয়াৰ ইণ্ডিয়া কর্তৃপক্ষই৷ বিমানবন্দৰৰ এই জনস্রোতে পুনৰ তুলি ধৰিলে ভাৰতৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ছবি৷

You might also like