জীৱন্তে কুকুৰাৰ পোৱালি গিলি মৃত্যুক আঁকোৱালি ল’লে যুৱকে
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ ডিচেম্বৰঃ জীৱিত কুকুৰাৰ পোৱালি গিলিবলৈ গৈ অকাল মৃত্যু হ’ল ৩৫ বছৰীয়া এজন যুৱকৰ৷ চাঞ্চল্যকৰ এই ঘটনা ঘটিছে ছত্তিশগড়ৰ অম্বিকাপুৰৰ এখন গাঁৱত৷ কিন্তু আশ্চর্যকৰ বিষয়টো হৈছে যুৱকৰ মৃত্যুৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ সময়ত পেটৰ পৰা বাহিৰ কৰা হয় জীৱন্ত কুকুৰাৰ পোৱালিটো৷ অর্থাৎ ভক্ষণ কৰাৰ পাছতো জীৱিত অৱস্থাতেই আছিল এই কুকুৰা পোৱালিটো৷ কিয় এই যুৱকজনে জীৱিত অৱস্থাত কুকুৰাৰ পোৱালি ভক্ষণ কৰিছিল সেয়া জানিব পৰা হোৱা নাই৷ অনুমান কৰা হৈছে যে তান্ত্রিকৰ পৰামর্শ অনুসৰি এই কাম কৰিছিল যুৱকজনে৷ যুৱকজনৰ নামৰ আনন্দ যাদৱ৷ পৰিয়ালৰ সূত্রই সদৰী কৰা অনুসৰি স্নান কৰি উঠাৰ পাছতে যুৱকজনে অসুস্থতা অনুভৱ কৰে৷ ইয়াৰ পাছতে অচেতন হৈ পৰে৷ তাৎক্ষণিকভাৱে যুৱকজনক স্থানীয় হাস্পতাললৈ লৈ যোৱা হয়৷ হাস্পতালত চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ মৃত্যুৰ কাৰণ জানিবলৈ যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হয়৷ তেতিয়াই এই ঘটনা পোহৰলৈ আহে৷ ২০ চেণ্টিমিটাৰ দৈর্ঘ্যৰ কুকুৰাৰ পোৱালি জীৱন্তে ভক্ষণ কৰিছিল আনন্দ যাদৱে৷ শ্বাসনলীত কুকুৰাৰ নখৰ আঘাত স্পষ্ট হৈ আছে৷ ইয়াৰ ফলতেই যুৱকজনৰ মৃত্যু হোৱা বুলি ধাৰণা কৰিছে চিকিৎসকসকলে৷ মৰণোত্তৰ প্রতিবেদন পোৱাৰ পাছতে এই বিৰল ঘটনাক লৈ আশ্চর্য প্রকাশ কৰিছে চিকিৎসকসকলে৷