নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৃতসৰৰ ঠাকুৰদ্বাৰ মন্দিৰত বোমাসদৃশ বস্তু নিক্ষেপ যুৱকৰ

নিউজ ডেস্ক, ১৫ মাৰ্চঃ পঞ্জাবৰ অমৃতসৰৰ আটৰী ৰোডৰ খাণ্ডৱালা অঞ্চলৰ ঠাকুৰদ্বাৰ মন্দিৰত আক্ৰমণ। নিশা বাইকত অহা দুজন যুৱকে বোমাসদৃশ বস্তু নিক্ষেপ কৰি বিস্ফোৰণ ঘটাই মন্দিৰ ভৱনটোৰ ক্ষতি কৰে।

এই আক্ৰমণৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আক্ৰমণকাৰীয়ে বিস্ফোৰকসদৃশ বস্তু নিক্ষেপ কৰাৰ চিচিটিভি ফুটেজ ওলাইছে। মন্দিৰত হোৱা আক্ৰমণৰ বাবে অঞ্চলটোত আতংকৰ পৰিৱেশ বিৰাজ কৰিছে।

‘আই এছ আইয়ে যুৱক-যুৱতীক বিপথে পৰিচালিত কৰিছে’
এই ঘটনা সন্দৰ্ভত অমৃতসৰৰ আয়ুক্তই কয়, “আমি এই বিষয়ে তথ্য লাভ কৰি নিশা ২ বজাত আমি ততাতৈয়াকৈ সেই স্থানত উপস্থিত হ’লোঁ। ফৰেনছিক টীমক ফোন কৰা হ’ল। আমি চিচিটিভি পৰীক্ষা কৰি ওচৰৰ মানুহৰ লগত কথা পাতিলোঁ। কথাটো হ’ল পাকিস্তানৰ আইএছআইয়ে আমাৰ যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰি পঞ্জাৱত অশান্তি বিয়পাইছে। আমি কেইদিনমানৰ পিছতে বিষয়টো গম পাম আৰু আপোনালোকৰ ওচৰত আবেদন জনাইছো। তেওঁলোকৰ জীৱন নষ্ট নকৰিবলৈ আমি অপৰাধীক সোনকালে ধৰিম।”

You might also like