নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে কেজৰিৱালৰ বাসগৃহত এচিবি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফললৈ মাত্ৰ এদিন পূৰ্বে ৰাজধানীত ৰাজনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে। আম আদমী পাৰ্টিৰ বিজেপিৰ বিৰুদ্ধে উৎকোচ গোচৰটো ক্ৰমান্বয়ে গুৰুতৰ হৈ পৰিছে। আজি দুৰ্নীতি নিবাৰক ব্যুৰো (এচিবি)ৰ দলটোৱে অৰবিন্দ কেজৰিৱালৰ ঘৰত উপস্থিত হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰৰ ভিতৰত উপস্থিত হয় পাঁচজনীয়া এটা দল। এচিবিৰ দলটো ঘৰ পোৱাৰ লগে লগে আম আদমী পাৰ্টিৰ আইনী দলৰ আৰু কিছু অধিবক্তাও অৰবিন্দ কেজৰিৱালৰ বাসগৃহত উপস্থিত হয়। আচলতে বিজেপিৰ অভিযোগৰ পিছত এচিবিক তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। ইফালে এচিবিৰ সূত্ৰ অনুসৰি আপ নেতা সঞ্জয় সিঙে এচিবিৰ কাৰ্যালয়ত উপস্থিত হৈ অভিযোগ দিছে। সঞ্জয় সিঙৰ বক্তব্য এচিবিৰ কাৰ্যালয়তো লিপিবদ্ধ কৰিব পাৰিব। তেওঁ যি অভিযোগ উত্থাপন নকৰক কিয়, সেই অভিযোগৰ ওপৰত তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিব এচিবিয়ে। আম আদমি পাৰ্টিৰ আইনী কোষৰ মুৰব্বী সঞ্জীৱ নাছিয়াৰে অৰবিন্দ কেজৰিৱালৰ বাসগৃহত এচিবি উপস্থিত হোৱাৰ লগে লগে কয় যে, “এয়া অতি আচৰিত। যোৱা ডেৰ ঘণ্টা ধৰি ইয়াত বহি থকা এচিবিৰ দলটোৰ হাতত কোনো কাগজ-পত্ৰ বা নিৰ্দেশনা নাই। তেওঁলোকে অবিৰতভাৱে কাৰোবাৰ লগত ফোনত কথা পাতি আছে। আমি যেতিয়া তদন্তৰ বাবে জাননী বা কৰ্তৃত্ব বিচাৰিছিলো, তেতিয়া তেওঁলোকে কৈছিল যে তেওঁলোকৰ হাতত একো নাই।” তেওঁ আৰু কয়, “সঞ্জয় সিং ইতিমধ্যে এচিবিৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিবলৈ আছে। কাৰ নিৰ্দেশত তেওঁলোক (এচিবি) ইয়াত বহি আছে। এয়া বিজেপিৰ ৰাজনৈতিক নাটক সৃষ্টিৰ ষড়যন্ত্ৰ আৰু ইয়াক অতি সোনকালে উদঙাই দিয়া হ’ব। আইনী জাননী নোপোৱালৈকে কাকো বাসগৃহত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।”