নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাখে হৰি মাৰে কোনে… ওপৰেৰে ৰে’ল চলি যোৱাৰ পাছতো উঠি বহিল মহিলা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ আগষ্টঃ ৰাখে হৰি মাৰে কোনে তেলেংগানাৰ এগৰাকী মহিলাই যিধৰণে ৰে’ল দুর্ঘটনাৰ পৰা ৰেহাই পালে, শৰীৰত সামান্য জখমো নহ’ল সেয়া দেখিলেই এই বাক্যশাৰী সকলোৰে মনলৈ আহিব৷ মহিলাৰ শৰীৰৰ ওপৰেৰে চলি যায় এখন মালবাহী ৰে’ল৷ মালবাহী ৰে’লখনে মহিলাগৰাকীক অতিক্রমি গ’ল যদিও মহিলাগৰাকী অক্ষত হৈ থাকিল৷ ইয়াৰ পাছতে মহিলাগৰাকী বহি উঠিল৷ এই অলৌকিক কাণ্ডৰ ভিডি’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ সংবাদ সূত্রই সদৰী কৰা অনুসৰি এই ঘটনাটো ঘটিছে তেলেংগানাৰ ভিকাৰাবাদ জিলাৰ নাভাণ্ডগিৰিত৷ বান্ধৱীৰ সৈতে ৰে’ললাইন পাৰ হৈছিল এই মহিলাই৷ সেই সময়ত লাইনেৰে আহি আছিল এখন মালবাহী ৰে’ল৷ লাহে লাহে আহি থকা মালবাহী ৰে’লখন দুয়োগৰাকী মহিলাৰ নজৰলৈ অহা নাছিল৷ সন্মুখতে হঠাতে ৰে’লখন দেখি মহিলাগৰাকীৰ বান্ধৱীয়ে দ্রুতগতিত ৰে’ল লাইনৰ পৰা আঁতৰি যায়৷ কিন্তু এই মহিলাই ৰে’ল লাইন পাৰ হ’ব নোৱাৰি উপস্থিত বুদ্ধি খটুৱাই শুই পৰে৷ দুই চিৰিৰে ৰে’ল পাৰ হৈ গ’ল৷ ইয়াৰ মাজতে শুই থাকিল বুদ্ধিমতী মহিলাগৰাকী৷ ৩০ ছেকেণ্ডৰ ভাইৰেল ভিডি’ত দেখিবলৈ পোৱা গৈছে মহিলাগৰাকী শুই আছে আৰু লাহে লাহে গৈ আছে মালবাহী ৰে’লখন৷ শেষ পর্যন্ত ৰে’লখন পাৰ হৈ যোৱাৰ পাছত গাৰ ধূলি জোকাৰি বহি উঠে মহিলাগৰাকী৷ উপস্থিত বুদ্ধিৰ জৰিয়তে সম্পূর্ণ অক্ষত অৱস্থাত থাকিল মহিলাগৰাকী৷ অৱশ্যে মহিলাগৰাকীৰ সবিশেষ পৰিচয় জানিব পৰা হোৱা নাই৷ ৰে’ল বিভাগৰ তৰফৰ পৰাও এই ঘটনা সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই৷

You might also like