নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুলে প্রথমে দেশৰ ইতিহাস ভালদৰে পঢ়ক- অমিত শ্বাহ

বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰঃ বুধবাৰৰ পৰা আৰম্ভ হৈছে কংগ্রেছৰ ‘ভাৰত জোড়ো যাত্রা৷’ ইয়াৰ পিছৰে পৰা কংগ্রেছৰ বিৰুদ্ধে আক্রমণ চলিছে বিজেপিৰ নেতৃত্বত৷ গৃহমন্ত্রী অমিত শ্বাহে ৰাহুল গান্ধীক কটাক্ষ কৰি দেশৰ ইতিহাস পঢ়িবলৈ আহ্বান জনাইছে৷ অমিত শ্বাহে অভিযোগ কৰে যে ৰাহুলে সংসদত উপস্থিত হৈ ভাৰত কোনো দেশ নহয় বুলি কয়৷ ৰাজস্থানৰ যোধপুৰত বুথ স্তৰৰ দলীয় কর্মীসকলক উদ্দেশ্যি ভাষণ দিয়াৰ সময়ত শ্বাহে কয় যে ৰাহুলে ভাৰত জোড়ো যাত্রা কৰিছে বিদেশী জার্ছী আৰু বিদেশী টি–ছার্ট পৰিধান কৰি৷ ৰাহুলৰ মতে ভাৰত কোনো দেশ নহয় বুলি কটাক্ষ কৰি কোন ইতিহাসত ৰাহুলে এই তথ্য পালে সেই সন্দর্ভতো প্রশ্ণৰ অৱতাৰণা কৰে অমিত শ্বাহে৷ এইখন দেশত লাখ লাখ মানুহে নিজৰ জীৱন উৎসর্গা কৰি দেশৰ মাটি তেজেৰে ৰাঙলী কৰি তুলিছে বুলি উল্লেখ কৰি শ্বাহে কয় যে ইয়াৰ পিছতো ৰাহুলৰ মতে ভাৰত এখন দেশ নহয়৷ গতিকে, ৰাহুলক ইতিহাস ভালদৰে অধ্যয়ন কৰিবলৈ পৰামর্শ দিয়ে গৃহমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে৷

You might also like