নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য টিডিপিক প্রতিহত : প্রধানমন্ত্রীৰে অন্ধ্রৰ মুখ্যমন্ত্রীৰ বৈঠক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ তেলুগু দেশম পার্টী (টিডিপি)ৰ মুৰব্বী চন্দ্রবাবু নাইডুৰ পিছত দিল্লীত উপস্থিত হ’ল অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী তথা ৱাইএছআৰ কংগ্রেছৰ মুৰব্বী জগনমোহন ৰেড্ডী৷ তাৰ লগে লগে প্রধানমন্ত্রী মোদীৰ সৈতে বৈঠকত মিলিত হয় জগনমোহন ৰেড্ডী৷ অন্ধ্রপ্রদেশক বিশেষ মর্যাদা দিয়াৰ আবেদন জনাবলৈ মোদীক লগ কৰা বুলি ৰেড্ডীয়ে সংবাদ মাধ্যমক জনাইছে৷ লক্ষণীয়ভাৱে বুধবাৰে টিডিপিৰ মুৰব্বী চন্দ্রবাবু নাইডুৱে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হৈছিল৷ দুবছৰ পিছত পুনৰ টিডিপিয়ে এনডিএত যোগদানৰ বাবে প্রস্তুতি চলাইছে৷ যদি টিডিপিয়ে এনডিএৰ সৈতে মিত্রতা কৰে, তেন্তে আগন্তুক নির্বাচনত জগনমোহনৰ বাবে সৃষ্টি হ’ব প্রত্যাহ্বান৷ গতিকে বিভিন্ন মহলে নাইডুৰ এনডিএ যাত্রাত প্রতিৰোধ লগাবলৈ জগনে এনেদৰে মোদীক লগ কৰা বুলি ধাৰণা কৰিছে৷

You might also like