গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পুলৱামাত আইইডি উদ্ধাৰ সেনা বাহিনীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ জানুৱাৰীঃ সমগ্ৰ দেশতে ৭৫সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত আছে। ইফালে জম্মু-কাশ্মীৰ আৰক্ষীয়ে পুলৱামা জিলাত উদ্ধাৰ কৰিছে আই ই ডি। কিন্তু নিৰাপত্তা বাহিনীয়ে এটা বৃহৎ সন্ত্ৰাসবাদী অঘটন নিষ্ক্ৰিয় কৰি ৰোধ কৰে। এএনআইৰ প্ৰতিবেদন অনুসৰি এই ঘটনাত এতিয়ালৈকে কোনো ধৰণৰ ক্ষতি হোৱা নাই। বডিবাগ-পাহু পথত নিৰাপত্তা বাহিনীয়ে এই আই ই ডিটো উদ্ধাৰ কৰে। এএনআইৰ প্ৰতিবেদন অনুসৰি এই ঘটনাৰ পিছত জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী সষ্টম হৈ আছে। ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰৰ ডিজিপি আৰ আৰ শ্বোৱাইনে কাশ্মীৰত গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰিছিল। এই বৈঠকত ডিজিপিয়ে কাশ্মীৰৰ সকলো অনুষ্ঠানৰ স্থানত নিৰাপত্তা সুনিশ্চিত কৰাৰ নিৰ্দেশ দিছিল। ডিজিপি আৰ আৰ শ্বোৱাইনে কৈছিল, “পাকিস্তান আৰু ইয়াৰ সংস্থাসমূহে জম্মু-কাশ্মীৰৰ কিছুমান অঞ্চলত সন্ত্ৰাসবাদক পুনৰুজ্জীৱিত কৰাৰ বাবে অহৰহ চেষ্টা কৰি আছে। ইয়াৰ বাবেই জম্মু-কাশ্মীৰত সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদী অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰা হৈছে।” এই বৈঠকত আৰক্ষী, সেনা, চি আৰ পি এফ, বি এছ এফ, এছ এছ বি, চি আই এছ এফ আৰু অন্যান্য সংশ্লিষ্ট সংস্থাসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। বৈঠকৰ সময়ত স্পৰ্শকাতৰ অঞ্চল, ব্যক্তি আৰু স্থানৰ নিৰাপত্তাৰ বিশেষ নিৰীক্ষণৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰত গণৰাজ্য দিৱস সন্দৰ্ভত এজন বিষয়াই কৈছিল যে উপত্যকাত শান্তি বজাই ৰাখিবলৈ গণৰাজ্য দিৱসৰ পূৰ্বে নিৰাপত্তা কটকটীয়া কৰা হৈছে। তেওঁ জনাইছিল যে চহৰখনৰ লগতে অন্যান্য জিলা সদৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে। বিষয়াগৰাকীয়ে সংবাদ সংস্থা পিটিআইক জনাইছিল যে কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ বাবে নিৰাপত্তা বাহিনীয়ে আকস্মিকভাৱে পৰীক্ষা আৰু যান-বাহনৰ তালাচী চলাই আছে।