কমেও দুইৰ পৰা তিনিটাকৈ সন্তান জন্ম দিয়া উচিত
নিয়মীয়া বাৰ্তা ডিজিটেল, ২ ডিচেম্বৰঃ জনসংখ্যাৰ হিচাপত ইতিমধ্যে বিশ্বৰ তালিকাৰ শীর্ষত উপনীত হৈছে ভাৰত৷ চীনক অতিক্রম কৰি যোৱা বছৰ বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে চিহ্ণিত হৈছে ভাৰত৷ কিন্তু নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আৰু অধিক সন্তান জন্ম দিয়াৰ বার্তা দিছে নেতাসকলে৷ সেই তালিকাত এইবাৰ যুক্ত হ’ল আৰএছএছপ্রধান মোহন ভাগৱতৰ নাম৷ শেহতীয়াকৈ আৰএছএছৰ এখন সভাত উপস্থিত হৈ নৱদম্পতীসকলক ভাগৱতে বার্তা দিয়ে যে কমপক্ষেও দুটাৰ পৰা তিনিটাকৈ সন্তান জন্ম দিয়া উচিত৷ নৱদম্পতীসকলে অধিক সন্তান জন্ম দিয়াটো দেশৰ ভৱিষ্যতৰ বাবে মংগল বুলি উল্লেখ কৰে আৰএছএছৰ মুৰব্বীগৰাকীয়ে৷ নাগপুৰৰ এই জনসভাত উপস্থিত থাকি ভাগৱতে কয় যে জনসংখ্যা হ্রাস পাবলৈ ধৰিছে৷ এয়া অত্যন্ত উদ্বেগৰ বিষয় বুলি উল্লেখ কৰে আৰএছএছৰ মুৰব্বীগৰাকীয়ে৷ আধুনিক জনসংখ্যা শাস্ত্র অনুসৰি যেতিয়া কোনো সমাজৰ জনসংখ্যাৰ হাৰ ২.১ শতাংশৰ তললৈ নামি আহে, তেতিয়া সেই সমাজ ধ্বংসৰ মুখত পতিত হয় বুলিও উল্লেখ কৰে ভাগৱতে৷ এনে পৰিস্থিতিত সেই সমাজক কোনেও মাৰিব নালাগে বৰঞ্চ কোনো সংকটজনক পৰিস্থিতিৰ সৃষ্টি হ’লে তেনে সমাজ নিজেই ধ্বংস হৈ যাব বুলিও সতর্কবাণী কৰে ভাগৱতে৷ বিশ্বত এনে বহু উদাহৰণ আছে বুলি উল্লেখ কৰি আছএছএছৰ মুৰব্বীগৰাকীয়ে কয় যে জনসংখ্যা ২.১ শতাংশৰ তললৈ নামি অহাটো কোনো কাৰণতে উচিত নহয়৷ ইয়াৰ উপৰি আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয়– ‘আমাৰ দেশৰ জনসংখ্যা নীতি ১৯৯৮ চনৰ পৰা ২০০২ চনত প্রস্তুত কৰা হৈছিল৷ য’ত কোৱা হৈছে, যিকোনো সমাজৰ জনসংখ্যা ২.১ শতাংশৰ তললৈ নামি অহা উচিত নহয়৷ ফলত যদি ২.১ শতাংশৰ হাৰ অক্ষত ৰাখিবলগীয়া হয়, তেন্তে দুই বা তাতোকৈ অধিক সন্তান জন্ম দিয়াটো আৱশ্যক৷ জনসংখ্যা বিজ্ঞানে এই কথাই কৈছে৷’ কোনো সম্প্রদায়ৰ নাম উল্লেখ নকৰিলেও ভাগৱতৰ এই বার্তা হিন্দু সম্প্রদায়ৰ উদ্দেশ্যেই বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে৷ কাৰণ শেহতীয়াকৈ এক প্রতিবেদন পোহৰলৈ আহিছে, য’ত দাবী কৰা হৈছে যে দেশৰ হিন্দুৰ জনসংখ্যা ৭.৮ শতাংশ কমি গৈছে৷ এনে সময়ত ভাগৱতৰ এই বার্তা হিন্দু সম্প্রদায়ক উদ্দেশ্যে কৰিয়েই বুলি বিভিন্ন মহলে ধাৰণা কৰাটো তেনেই স্বাভাৱিক৷ শেহতীয়া প্রতিবেদন অনুসৰি চীনক অতিক্রম কৰি জনসংখ্যাৰ হিচাপত বিশ্বৰ তালিকাৰ শীর্ষত উঠিছে ভাৰত৷ যদিও এই তালিকাত গুৰুত্ব নিদি দক্ষিণৰ ৰাজ্যৰ পৰা বাৰে বাৰে অধিক সন্তান জন্ম দিয়াৰ আহ্বান জনাই আহিছে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন আৰু অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডুৱে৷ এইবাৰ একেই সুৰ শুনা গ’ল আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ মুখত৷