‘ৱেড ইন ইণ্ডিয়া’ অভিযান আগবঢ়াই নিয়ক বিলিয়নাৰসকলে : মোদী
বিশেষ বাৰ্তা, ৯ ডিচেম্বৰঃ ‘মেক ইন ইণ্ডিয়া’ৰ লেখিয়াকৈ দেশৰ বিলিয়নাৰসকলক ‘ৱেড ইন ইণ্ডিয়া’ অভিযান আৰম্ভ কৰিবলৈ আহ্বান প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ উত্তৰাখণ্ডৰ ডেৰাডুনত আয়োজিত গ্লোবেল ইনভেষ্টৰছ ছামিটত অংশ লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিলিয়নাৰসকলক উত্তৰাখণ্ডত কমেও এটা বিবাহস্থলী পৰিকল্পনা কৰিবলৈ আহ্বান জনায়৷ বিদেশত থাকি তেওঁলোকে বিবাহ পতাতকৈ দেশৰ কোনো এটি অংশত বিবাহ পাতিবলৈও আহ্বান জনায় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ‘ৱেড ইন ইণ্ডিয়া’ অভিযান আৰম্ভৰ আহ্বান জনোৱা প্রধানমন্ত্রী মোদীয়ে উত্তৰাখণ্ড সন্দর্ভত কয়– উত্তৰাখণ্ড এনে এখন ৰাজ্য, য’ত আমি প্রাকৃতিক সৌন্দর্য আৰু বিকাশক একেলগে ৰাখি পৰীক্ষা চলাব পাৰোঁ৷ ২১ শতিকাৰ তৃতীয় দশকটো উত্তৰাখণ্ডৰ বাবে আৰু মই চকুৰ সন্মুখতে এনে দেখি সুখী হৈছোঁ৷ আনপিনে, কেন্দ্রীয় চৰকাৰে সংযোগ সন্দর্ভত উত্তৰাখণ্ডত অভাৱনীয় বিনিয়োগ কৰাৰ প্রসংগও উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে৷ ‘ৱেড ইন ইণ্ডিয়া’ সন্দর্ভত বিতং ব্যাখ্যা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে আৰম্ভণিতে যদি আমি ৰাজ্যখনত প্রায় ৫ হাজাৰ বিবাহস্থলী পৰিকল্পনা কৰোঁ, তেতিয়াহ’লে আমি দেখিম যে সমগ্র নতুন আন্তঃগাঁথনি সাজু হৈছে আৰু দেশৰ বাবে ই এক প্রচুৰ সম্ভাৱনা হৈ উঠিব৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয়– আমাৰ দেশত প্রত্যেকেই দম্পতীক ভগৱানৰ ৰূপত দেখে৷ গতিকে সেই দম্পতীয়ে কিয় বিবাহিত জীৱন তথা নতুন যাত্রা আৰম্ভ কৰিবলৈ ৰাজ্যৰ বাহিৰলৈ যায়৷ ‘মেক ইন ইণ্ডিয়া’ আন্দোলনৰ লেখিয়াকৈ ‘ৱেড ইন ইণ্ডিয়া’ আন্দোলনো আৰম্ভ কৰা উচিত৷ আনপিনে কিছু বছৰ পিছতেই ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ অর্থনীতিৰ দেশ হ’ব বুলি দাবী কৰি প্রধানমন্ত্রী মোদীয়ে কয়– সুস্থিৰ চৰকাৰ, নীতি আৰু ৰূপান্তৰৰ মনোভাবৰ বাবেই মোৰ তৃতীয়টো কার্যকালতেই দেশ বিশ্বৰ তৃতীয় বৃহত্তম দেশ হ’ব৷ ক’ভিড–১৯ মহামাৰী সত্ত্বেও অর্থনৈতিক নীতিৰ বাবেই ভাৰত এতিয়াও দ্রুতগতিত উন্নতিৰ দিশত আগবাঢ়ি আছে৷
#বাৰ্তা ডেস্ক