নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ নিৰ্বাচনী গীত ‘মে মোদী কা পৰিবাৰ হু’ মুকলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ লোকসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ দিনাই কেন্দ্রত শাসকীয় বিজেপিয়ে মুকলি কৰিলে নির্বাচনৰ প্রচাৰ অভিযানৰ গীত৷ লোকসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি বিজেপিয়ে মুকলি কৰা গীতটো হৈছে– ‘মে মোদী কা পৰিবাৰ হু’৷ পৰিয়ালকেন্দ্রিক ৰাজনীতিত জড়িত বিৰোধী দলক প্রত্যাহ্বান জনাই বিজেপিয়ে এই গীতটো প্রচাৰ অভিযানৰ বাবে মুকলি কৰিছে৷ তেলেংগানাৰ নির্বাচনী সভাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘মেৰা ভাৰত মেৰা পৰিবাৰ’ শ্লোগান দিয়াৰ পাছতেই এই শ্লোগানৰ আধাৰতেই ১৪০ কোটি জনতাক সাঙুৰি লৈ ৰচনা কৰা হৈছে– ‘মে মোদী কা পৰিবাৰ হু’৷ মন কৰিবলগীয়া যে বিৰোধী ঐক্য ইণ্ডি জোঁটৰ দল আৰজেডিৰ লালুপ্রসাদ যাদৱে প্রধানমন্ত্রী মোদীৰ পৰিয়ালতান্ত্রিক ৰাজনীতিৰ সমালোচনাৰ প্রত্যুত্তৰ দি মোদীৰ পৰিয়াল নাই বুলি কটাক্ষ কৰাৰ পাছতে প্রধানমন্ত্রীয়ে এই সমালোচনাকেই আধাৰ কৰি লৈ ‘মে মোদী কা পৰিবাৰ হু’ বুলি নির্বাচনী প্রচাৰ আৰম্ভ কৰে৷ এই গীতটো আজি বিজেপিয়ে ছ’চিয়েল মিডিয়াত মুকলি কৰি কয়– তেওঁ মোৰ হূদয়ৰ পক্ষত বাস কৰে৷ সদায়ে মোক যতন কৰে৷ তেওঁ মোৰ বেদনাক বুজে৷ মোৰ আনন্দত জড়িত হৈ থাকে৷ তেওঁ ইয়াত অকলে নাই৷ মই তেওঁৰ পৃথিৱী৷ মই মোদীৰ পৰিয়াল৷

শুনক সম্পূৰ্ণ গীতটি

You might also like