নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্ৰদেশৰ ইন্দোৰত বিজেপি নেতাক গুলীয়াই হত্যা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ জুনঃ মধ্যপ্ৰদেশৰ ইন্দোৰত গুলীয়াই হত্যা কৰিলে বিজেপি নেতাক। ঘটনাটো ইন্দোৰৰ এম জি ৰোড থানা এলেকাৰ, য’ত এজন বিজেপি নেতাক গুলীয়াই হত্যা কৰা হৈছে। মৃত বিজেপি নেতাগৰাকীৰ নাম মনু কল্যাণ। তেওঁ মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়াৰ অতি ঘনিষ্ঠ আছিল। আজি পুৱা মনু কল্যাণক গুলীয়াই হত্যা কৰা হৈছে। মনুক বন্ধু-বান্ধৱীয়ে চিকিৎসালয়লৈ লৈ যায় আৰু তাতেই তেওঁৰ মৃত্যু হয়। বৰ্তমান অভিযুক্ত পলাতক, তেওঁলোকৰ অনুসন্ধান অব্যাহত আছে।

You might also like