কংগ্ৰেছক গাদীচ্যুত কৰি ৰাজস্থান দখল বিজেপিৰ
বিশেষ বাৰ্তা, ৩ ডিচেম্বৰঃ দলীয় স্থিতিকে সত্য প্ৰমাণিত কৰি ৰাজস্থান দখল কৰিলে বিজেপিয়ে৷ ইতিহাসৰ পুনৰাবৃত্তি ঘটাই প্রতি ৫ বছৰৰ মূৰে মূৰে ৰাজ্যখনত চৰকাৰ সলনি হোৱাৰ পৰম্পৰা বাহাল থাকিল৷ অর্থাৎ কংগ্রেছক শাসনৰ গাদীৰ পৰা উৎখাট কৰি বিজেপিয়ে দখল কৰিলে৷ ইতিহাসৰ বিধানসভা নির্বাচনত ৰাজস্থানত যেতিয়াই ভোটদানৰ হাৰ বৃদ্ধি পায়, তেতিয়াই বিজেপিয়ে জিকাৰ পৰম্পৰাটো আজিও ঘোষিত ফলাফলত প্রমাণিত হ’ল৷ ২০০ বিধানসভা সমষ্টিৰ ভিতৰত নির্বাচন অনুষ্ঠিত হোৱা ১৯৯ টা সমষ্টিৰ ভিতৰত আজি চলি থকা ভোট গণনাত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ বাবে প্রয়োজনীয় মেজিক সংখ্যা অনায়েসে অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ সন্ধিয়া ৬.৩০ বজালৈ ঘোষিত ফলাফলৰ তথ্য মতে বিজেপিয়ে ১৯৯টা সমষ্টিৰ ভিতৰত ১১৫টা সমষ্টিত আগবাঢ়ি আছে৷ ইতিমধ্যে ৯১টা সমষ্টিত জয়লাভ কৰিছে৷ বাকী ২৪টা সমষ্টিত অগ্রগতি লৈ আছে৷ আনপিনে শাসকীয় কংগ্রেছে শোচনীয় প্রদর্শন কৰি মাত্র ৬৮ আসনত অগ্রগতি লাভ কৰিছে৷ ইয়াৰ ভিতৰত ৫২টা সমষ্টিত ইতিপূর্বে জয়লাভ কৰিছে আৰু ১৬টা সমষ্টিত আগবাঢ়ি আছে৷ ভাৰত আদিবাসী পার্টীয়ে তিনিখন আসনত জয়লাভ কৰাৰ বিপৰীতে বহুজন সমাজ পার্টীয়ে দুখন, ৰাষ্ট্রীয় লোকতান্ত্রিক পার্টীয়ে দুখনত অগ্রগতি লাভ কৰি আছে৷ ৰাষ্ট্রীয় লোকদলে এখনত লাভ কৰি আছে৷ নির্দলীয়ই আগবাঢ়ি আছে ৮খনত৷ ইয়াৰে চাৰিখনত জয়লাভ কৰিছে৷ ইফালে ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটে এই নির্বাচনী যুঁজত জয়লাভ কৰিছে যদিও দলটোৱে শোচনীয় পৰাজয়ৰ সন্মুখীন হয়৷ গেহলটৰ প্রতিদ্বন্দ্বী তথা বিদ্রোহী বুলি চর্চিত জ্যেষ্ঠ নেতা শচীন পাইলটেও এই নির্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ নির্বাচনী ফলাফলত ৰাজস্থান বিধানসভাৰ অধ্যক্ষ তথা জ্যেষ্ঠ কংগ্রেছ নেতা চি পি যোশী পৰাজয়ৰ সন্মুখীন হৈছে৷ আনপিনে বিজেপিৰ মুখ্যমন্ত্রী পদৰ দাবীদাৰ প্রাক্তন মুখ্যমন্ত্রী বসুন্ধৰা ৰাজে জয়লাভ কৰিছে৷ ৰাজ্যখনৰ বিজেপিৰ মুখ্যমন্ত্রীৰ পদৰ প্রার্থী হিচাপে চর্চিত দিয়া কুমাৰীয়েও জয়লাভ কৰিছে৷ ৰাজস্থানত বিজেপিয়ে বৃহৎ জয়লাভ কৰাৰ পাছত প্রাক্তন মুখ্যমন্ত্রী বসুন্ধৰা ৰাজেই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নীতি আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নির্বাচনী ৰণনীতিৰ বাবেই দলটোৱে জয়লাভ কৰা বুলি মন্তব্য কৰিছে৷ এতিয়া সকলোৰে মুখে মুখে প্রশ্ন উত্থাপিত হৈছে– বিজেপিয়ে বৃহৎ জয় লাভ কৰাৰ পাছত মুখ্যমন্ত্রী হিচাপে কাক দায়িত্ব দিব৷ কিয়নো নির্বাচনী প্রচাৰত মুখ্যমন্ত্রীৰ প্রার্থী হিচাপে কাকো প্রক্ষেপ কৰা নাই৷
#বাৰ্তা ডেস্ক