নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাইডৰ সলনি ব্ৰাইড : তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পোষ্টাৰত বানান বিভ্ৰাট

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ মাৰ্চঃ তামিলনাডুত মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ এখন পোষ্টাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পোষ্টাৰখনে মানুহৰ মনত বহু প্ৰশ্নৰ উত্থাপন কৰিছে। আচলতে পোষ্টাৰখনত এম কে ষ্টেলিনৰ ছবিৰ সৈতে ব্ৰাইড অৱ তামিলনাডু লিখা আছে। টাইমছ নাওৰ মতে, পোষ্টাৰখনত ‘প্ৰাইড অৱ তামিলনাডু’ লিখি ছপা হ’ব লাগিছিল যদিও বানান ভুলৰ বাবে ব্ৰাইড অৱ তামিলনাডু (তামিলনাডু কী দুলহান) ছপা কৰা হয়। বৰ্তমান কোনে ক’ত পোষ্টাৰখন লগাইছে সেই সম্পৰ্কে কোনো তথ্য নাই। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা ছবিখনৰ কেপচনত লিখা আছে, ব্ৰাইড অৱ তামিলনাডু। পোষ্টাৰখনত ডিঙিত মালা পিন্ধি এম কে ষ্টেলিনৰ ছবি আছে। ৪ মাৰ্চত এক্সত শ্বেয়াৰ কৰা হৈছিল এই পোষ্টাৰখন। এই সন্দৰ্ভত ৰাইজে নিজ নিজ প্ৰতিক্ৰিয়া দি আছে। এজন ব্যক্তিয়ে পোষ্ট কৰিলে, “আজি কাৰোবাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব।” আনহাতে এজনে দৰা কোন? আন এজনে সুধিলে এই বিষয়ে আপোনাৰ কি চিন্তা? ইফালে লোকসভা নিৰ্বাচনৰ পূৰ্বে তামিলনাডুত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী। এই সময়ছোৱাত তেওঁ শাসকীয় ডি এম কেক লক্ষ্য কৰি লৈছিল। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ সকলো প্ৰচেষ্টাৰ মাজতে ডি এম কে চৰকাৰে চেন্নাইবাসীৰ প্ৰয়োজন আৰু সপোনক পিঠি দিছে। একে সময়তে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে প্ৰত্যুত্তৰ দি কেন্দ্ৰীয় চৰকাৰে তামিলনাডু চৰকাৰৰ প্ৰকৃত দাবীক আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ বাবেই ৰাজ্যখন ভ্ৰমণ কৰিছে। ষ্টেলিনে কয় যে যোৱা বছৰৰ ডিচেম্বৰ মাহত দুটা দুৰ্যোগৰ পিছত বান সাহায্যৰ বাবে ৩৭ হাজাৰ কোটি টকা মুকলি কৰি দিয়াৰ আমাৰ অনুৰোধ কেন্দ্ৰীয় চৰকাৰে আওকাণ কৰিছিল। বানাক্ৰান্তৰ বাবে এটকাও মুকলি কৰি দিয়া হোৱা নাই যদিও তেওঁলোকে বিচাৰে তামিলনাডুৰ পৰা কৰ আৰু ভোট ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ।

You might also like