নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমাহৰ ভিতৰতে দেশৰ বজাৰত কর্কট ৰোগৰ ভেকচিন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ ফেব্ৰুৱাৰীঃ আগন্তুক ৫ৰ পৰা ছমাহৰ ভিতৰত দেশৰ বজাৰলৈ আহিব মাৰণ ৰোগ কেঞ্চাৰৰ ভেকচিন৷ অৱশ্যে কেৱল মহিলাৰ বাবেহে এই ভেকচিন আহিব৷ সংবাদ মাধ্যমৰ ওচৰত এই দাবী কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রী প্রতাপ ৰাও যাদৱে৷ সাংবাদিক সন্মিলনত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ৯ৰ পৰা ১৬ বছৰ বয়সৰ কিশোৰী তথা তৰুণীসকলক দিয়া হ’ব কর্কট ৰোগৰ ভেকচিন৷ যাদৱে এই কথাও উল্লেখ কৰে যে কর্কট ৰোগৰ ভেকচিনক লৈ গৱেষণা প্রায় সম্পূর্ণ হৈ উঠিছে৷ বর্তমান চলি আছে পৰীক্ষা৷ দেশত কর্কট আক্রান্ত লোকৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি পোৱা বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে এই বিষয়টোক লৈ চিন্তিত কেন্দ্রীয় চৰকাৰ৷ ৩০ বছৰৰ বেছি বয়সৰ মহিলাসকলৰ হাস্পতালত স্ক্রীনিং কৰা হ’ব আৰু ৰোগৰ প্রাথমিক চিনাক্তকৰণৰ বাবে ডে–কেয়াৰ কেঞ্চাৰ চেণ্টাৰ স্থাপন কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে৷ লক্ষণীয়ভাৱে কর্কট ৰোগৰ চিকিৎসাত ব্যৱহূত ঔষধৰ কৰ হ্রাস কৰা বিষয়টোও উল্লেখ কৰে মন্ত্রী যাদৱে৷ মন্ত্রীগৰাকীয়ে ভেকচিন বিধৰ বিষয়ে সবিশেষ জনোৱা নাই যদিও যিসকল তৰুণী তথা কিশোৰীক এই ভেকচিন প্রদান কৰা হয় তেতিয়া তেওঁলোকৰ স্তন আৰু মুখমণ্ডলৰ কর্কট ৰোগ নিয়ন্ত্রণ হ’ব৷ অর্থাৎ সকলো কর্কটৰ বাবে এই ভেকচিন নহয়৷ মহিলাৰ সকলো কর্কট ৰোগ এই ভেকচিনে নিয়ন্ত্রণ কৰিবনে নাই সেই কথা উল্লেখ কৰাৰ পৰা বিৰত থাকে মন্ত্রী যাদৱ৷ স্মর্তব্য যে ইতিমধ্যে ৰাছিয়াই মাৰণ ৰোগ কর্কটৰ ভেকচিন আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে৷ একল সেয়াই নহয়, দেশখনে এই ভেকচিন সাধাৰণ জনতাক প্রদান কৰিবলৈ লোৱা বুলিও ঘোষণা কৰিছে৷

You might also like