নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ত এনকাউণ্টাৰ : ১ কোটিৰ শিৰমূল্য নক্সালবাদী জয়ৰাম নিহত

সুৰশ্ৰী শৰ্মাৰ প্ৰতিবেদন, ২১ জানুৱাৰী : দেশৰ নিৰাপত্তা বাহিনীৰ বাবে এক বৃহৎ সাফল্যত এক কোটি টকাৰ শিৰমূল্য পুৰস্কাৰ থকা ‘নক্সালবাদী কেন্দ্ৰীয় সমিতি’ৰ সদস্য জয়ৰাম ওৰফে চলপতিক মঙলবাৰে সেনাবাহিনীয়ে হত্যা কৰে। ওড়িশাৰ সৈতে সীমান্তত থকা গৰিয়াবন্দ জিলাত আজি ছত্তিশগড় আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত মাওবাদী নিহত হয় বুলি সংবাদ সংস্থা এএনআই আৰু পিটিআইয়ে আৰক্ষীৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে। সোমবাৰে এই অভিযানত নিহত হোৱা দুগৰাকী মহিলা মাওবাদীক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ১ কোটি টকাৰ বাউন্টি কঢ়িয়াই অনা এজন মাওবাদীও এই এনকাউণ্টাৰত নিহত হয় বুলি আৰক্ষীয়ে জনায় আৰু এনকাউণ্টাৰ চলি আছে বুলিও কয়। মাওবাদীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি বাতৰি প্ৰকাশ পাইছে। বিষয়াগৰাকীয়ে কয় যে জিলা সংৰক্ষিত প্ৰহৰী (ডি আৰ জি), কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), চত্তিশগড়ৰ পৰা কোব্ৰা আৰু ওড়িশাৰ পৰা বিশেষ অভিযান গোট (এছ অ’ জি)ৰ নিৰাপত্তাৰক্ষীৰ যৌথ দল জড়িত হৈ আছে। সোমবাৰে গভীৰ নিশা আৰু আজি পুৱা ছত্তিশগড় – ওড়িশা সীমান্তৰ মণিপুৰ থানা এলেকাৰ তলৰ এখন অৰণ্যত নতুনকৈ গুলীচালনা কৰা হয়। সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদনত উদ্ধৃত বিষয়াসকলে জনোৱা মতে ১২জন মাওবাদীক হত্যা কৰা হৈছে। ছত্তিশগড়-ওড়িশা সীমান্তত ছত্তিশগড় আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত কমেও ১৪জন নক্সাল নিহত হোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে বুলি ছত্তিশগড় আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীৰ মতে, এই এনকাউণ্টাৰত ১ কোটি টকাৰ শিৰমূল্য থকা নক্সাল গোটৰ এজন সদস্যও নিহত হয়। আৰক্ষীয়ে জনোৱা মতে, এনকাউণ্টাৰ এতিয়াও চলি আছে। ১৭ জানুৱাৰীত ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাত নক্সালসকলে ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ (আই ই ডি) বিস্ফোৰণৰ ফলত সীমান্ত সুৰক্ষা বাহিনীৰ দুজন জোৱান আহত হয়। আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে পুৱা কেম্প গৰ্পা আৰু গৰ্পা গাঁৱৰ মাজত বি এছ এফৰ পথ মুকলিৰ দল মোতায়েন কৰি থকাৰ সময়তে এই কাণ্ড সংঘটিত হয়। ১৬ জানুৱাৰীত বিজাপুৰ জিলাৰ বাসাগুডা থানাৰ অন্তৰ্গত পুটকেল গাঁৱৰ সমীপত নক্সালবাদীয়ে আই ই ডি বিস্ফোৰণত চি আৰ পি এফৰ দুজন জোৱান আহত হৈছিল। যোৱা ১২ জানুৱাৰীত বিজাপুৰত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা এনকাউণ্টাৰত দুগৰাকী মহিলাকে ধৰি পাঁচজন নক্সালবাদী নিহত হৈছিল। বিজাপুৰ জিলাৰ ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ অন্তৰ্গত বনাঞ্চলৰ পৰা উদ্ধাৰ হৈছে কেইবাটাও অটোমেটিক আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক। উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে এটা এছ এল আৰ ৰাইফল, এটা ১২ ব’ৰ ৰাইফল, দুটা চিংগল শ্বট ৰাইফল, এটা বি জি এল লঞ্চাৰ, আৰু এটা স্থানীয়ভাৱে নিৰ্মিত ভৰমাৰ বন্দুকৰ লগতে বিস্ফোৰক সামগ্ৰী, মাওবাদী সাহিত্য, আৰু অন্যান্য নক্সাল সামগ্ৰী।

You might also like