ইডিৰ গোচৰত অন্তৰ্ৱর্তী জামিন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক
🎯 চিবিআইৰ গোচৰৰ বাবে কাৰাগাৰতেই থাকিব লাগিব আপৰ মুৰব্বী
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ জুলাইঃ দিল্লীৰ আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত অৱশেষত উচ্চতম ন্যায়ালয়ত অন্তর্ৱর্তী জামিন লাভ কৰিলে অৰবিন্দ কেজৰিৱালে৷ অৱশ্যে এতিয়াই কাৰাগাৰৰ পৰা মুক্তি লাভ নকৰে দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে৷ কাৰণ আবকাৰী নীতি কেলেংকাৰিত ইডিৰ গোচৰতহে উচ্চতম ন্যায়ালয়ত জামিন মঞ্জুৰ হৈছে কেজৰিৱালৰ৷ ইডিৰ অভিযোগৰ গোচৰত জামিন পালেও চিবিআইয়ে গ্রেপ্তাৰ কৰা বাবে কাৰাগাৰতে থাকিব লাগিব কেজৰিৱাল৷ যোৱা ২১ মার্চত আবকাৰী নীতি কেলেংকাৰিৰ অভিযোগত কেজৰিৱালক নিজৰ জিম্মাত লৈছিল ইডিয়ে৷ দুসপ্তাহ পিছত কেজৰিৱালক তিহাৰ কাৰাগাৰলৈ প্রেৰণ কৰা হয়৷ পিছত উচ্চতম ন্যায়ালয়ৰ নির্দেশত ২১দিনৰ বাবে অন্তর্ৱর্তীকালীন জামিন লাভ কৰে নেতাগৰাকীয়ে৷ লোকসভা নির্বাচন শেষ হোৱাৰ লগে লগে পুনৰ কাৰাগাৰত আত্মসমর্পণ কৰিবলগীয়া হয় আপৰ শীর্ষনেতাগৰাকীয়ে৷ পৰৱর্তী সময়ত আবকাৰী গোচৰত কেজৰিৱালক জামিন দিয়ে দিল্লীৰ ৰাউজ এভিনিউ আদালতে৷ কিন্তু সেই নির্দেশত স্থগিতাদেশ দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে৷ তাৰ মাজতেই তিহাৰ কাৰাগাৰলৈ গৈ কেজৰিৱালক গ্রেপ্তাৰ কৰে চিবিআইয়ে৷ এই গোচৰৰ ভিত্তিত ১২ জুলাইলৈকে কাৰাগাৰৰ জিম্মাতে আপৰ শীর্ষনেতাগৰাকীক ৰখাৰ নির্দেশ দিয়ে দিল্লীৰ আদালতে৷ কিন্তু জামিন বিচাৰি পুনৰ শীর্ষ আদালতৰ দ্বাৰস্থ হয় দিল্লীৰ মুখ্যমন্ত্রী৷ অৱশেষত অন্তর্ৱর্তীকালীন জামিন লাভ কৰে কেজৰিৱালে৷ কিন্তু জামিন পালেও কাৰাগাৰতে থাকিব লাগিব কেজৰিৱাল৷ কাৰণ চিবিআইয়ে ৰুজু কৰা গোচৰত আগন্তুক ২৫ জুলাইলৈকে কেজৰিৱালক কাৰাগাৰতে থকাৰ নির্দেশ দিছে দিল্লীৰ আদালতে৷ অৱশ্যে কাৰাগাৰৰ পৰা মুক্তি নাপালেও শীর্ষ আদালতৰ আজিৰ ৰায়ক নৈতিক জয় বুলি উল্লেখ কৰিছে কেজৰিৱালৰ অধিবক্তাই৷ জামিন মঞ্জুৰ কৰিবলৈ গৈ শীর্ষ আদালতৰ ন্যায়াধীশ সঞ্জীৱ খান্নাই কয় যে বিগত ৯০ দিন ধৰি কাৰাবাস খাটিবলগীয়া হৈছে কেজৰিৱালে৷ কেজৰিৱাল এগৰাকী নির্বাচিত নেতা৷ আনফালে কেজৰিৱালে মুখ্যমন্ত্রীৰ দায়িত্ব পালন কৰি যাব নে নাই, সেয়া তেওঁৰ নিজৰ সিদ্ধান্ত বুলিও ন্যায়াধীশ খান্নাই উল্লেখ কৰে৷