নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ দিন পিছত ৭০০ ফুট দ ব’ৰৱেলৰ পৰা জীৱন্তে উদ্ধাৰ শিশুক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জানুৱাৰীঃ নৱবর্ষৰ প্রথমদিনটোত মৃত্যু বিজয়ৰ এক অবিশ্বাস্য ঘটনা ১০ দিন, ২৪০ ঘণ্টা৷ ৭০০ ফুট গভীৰ ব’ৰৱেলত আবদ্ধ হৈ আছিল ৩ বছৰীয়া চেতনা৷ অৱশেষত এই তিনি বছৰীয়া শিশুটি আজি জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে৷ হাস্পতালৰ সূত্রই সদৰী কৰা অনুসৰি শিশুটিৰ শাৰীৰিক অৱস্থা আশংকাজনক নহয়৷ কিন্তু বিশেষজ্ঞ চিকিৎসকৰ দলে প্রতি মুহূর্ততে নজৰ ৰাখিছে শিশুটিৰ ওপৰত৷ অৱশ্যে হাস্পতালৰ সূত্রই শিশুটি জীৱিত থকা বুলি দাবী কৰিলেও কেইবাটাও সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি শিশুটি জীৱিত নে মৃত সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ স্মর্তব্য যে তিনি বছৰীয়া এই শিশুটি ৭০০ ফুট গভীৰ ব’ৰৱেলৰ পৰা উদ্ধাৰ কৰিবলৈ অন্তিম মুহূর্তত ৰেট–হ’ল খননকাৰী নিয়োজন কৰা হৈছিল৷ হাস্পতালত শিশুটিক পর্যবেক্ষণত ৰখা বুলি দাবী কৰিলেও একাংশ সংবাদ মাধ্যমে শিশুটি জীৱিত অৱস্থাত আছেনে নাই সেয়া স্পষ্ট নহয় বুলি দাবী কৰিছে৷ স্মর্তব্য যে যোৱা ২৩ ডিচেম্বৰৰ দুপৰীয়া ৰাজস্থানৰ কোটৱালত খেলি থকা সময়তে ৭০০ ফুট গভীৰ ব’ৰৱেলত পৰি গৈছিল শিশুটি৷ প্রথমতে ১৫ ফুট গভীৰত আবদ্ধ হৈ পৰিছিল শিশুটি৷ পৰিয়ালে শিশুটিক বাহিৰ কৰাৰ চেষ্টা চলোৱাৰ সময়ত ১৫০ ফুট গভীৰলৈ পৰি যায় শিশুটি৷ ইয়াৰ পিছত ৭০০ ফুট গভীৰত গৈ আবদ্ধ হৈ পৰে চেতনা নামৰ কন্যা শিশুটি৷

You might also like