নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল কঁপাই চলিব চীনৰ দ্রুতবেগী ৰে’লঃ আন্তর্জাতিক সীমাৰ পৰা মাত্র ১৭ কিলোমিটাৰ দূৰৈৰ নিংচিলৈ সম্পূর্ণ ৪৩৫ কিঃমিঃ দৈর্ঘ্যৰ অত্যাধুনিক ৰে’লপথ

নিয়মীয়া বাৰ্তা, ১২ জুন: গালোৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘর্ষৰ পাছত সীমান্তত সুস্থিৰতা বজাই ৰখাৰ প্রতিশ্রুতি দিলেও আগ্রাসী মনোভাব ত্যাগ কৰা নাই ৰঙা চীনে৷ বৰং নিজ অভীপ্সা পূৰণৰ হকে সামৰিক কৌশলগত অৱস্থানেৰে ভাৰতৰ বিৰুদ্ধে বেইজিঙৰ গোপন তৎপৰতা অব্যাহত আছে৷

সেনা সমাৱেশৰ লগতে অত্যাধুনিক মাৰণাস্ত্র–সামৰিক সৰঞ্জাম আদি ক্ষিপ্রতাৰে কঢ়িয়াই নিবলৈ প্রকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি) সংলগ্ন সীমান্তৱর্তী এলেকাত যোগাযোগ আন্তঃগাঁথনি সুচল কৰাত দিনে–নিশাই নামি পৰিছে চুবুৰীয়া ৰাষ্ট্রখন৷ কার্যতঃ ভাৰতৰ চকুত ধূলি দি চীনে অতি শেহতীয়াকৈ এটাকৈ ৰে’লপথ প্রকল্প আৰু ৰাষ্ট্রীয় ঘাইপথ প্রকল্পৰ নির্মাণ সম্পূর্ণ কৰি তুলিছে৷ এই দুয়োটা প্রকল্পই উত্তৰ–পূর্বাঞ্চলৰ অন্যতম ৰাজ্য অৰুণাচল প্রদেশ স্পর্শ কৰি থকা আন্তর্জাতিক সীমান্তৰ তেনেই সমীপৱর্তী৷ তিব্বতৰ ৰাজধানী লাছাৰ পৰা নিংচিলৈ নির্মাণ কৰা হৈছে ৪৩৫ কিলোমিটাৰ দৈর্ঘ্যৰ দ্রুতবেগী ৰে’ল চলাচল কৰিব পৰা এটা বৃহৎ প্রকল্প৷ নিংচি চীনৰ দিশে অৰুণাচল প্রদেশৰ আপাৰ চিয়াং জিলা সংলগ্ন সীমান্তৰ পৰা মাত্র ১৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত৷

ইতিপূর্বে এই ৰে’লপথটো নির্মাণ কৰি থকাৰ বিষয়ে সংবাদ মাধ্যমত প্রকাশ পাইছিল৷ কিন্তু অতি শেহতীয়াকৈ সামৰিক কৌশলগত দিশৰ পৰা অতি গুৰুত্বপূর্ণ তথা অৰুণাচল প্রদেশ সীমান্তৰ প্রতি ভাবুকি হ’ব পৰা অত্যাধুনিক ৰে’ল প্রকল্পটো চুবুৰীয়া ৰাষ্ট্রখনে সম্পূর্ণ কৰি তুলিছে৷ অহা ৩০ জুনত ‘কমিউনিষ্ট পার্টী অৱ চাইনা’ৰ শতবর্ষ পূর্ণ হ’ব৷

ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে, ‘কমিউনিষ্ট পার্টী অৱ চাইনা’ৰ শতবর্ষ পূর্তিৰ লগত সংগতি ৰাখি সেই দিনাই লাছাৰ পৰা নিংচিলৈ দ্রুতবেগী ৰে’ল চলাচল কৰাৰ সকলো ধৰণৰ পৰিকল্পনাক চীনে ইতিমধ্যে পূর্ণাংগ ৰূপ দিছে৷ অর্থাৎ অহা ৩০ জুনত চীনৰ দ্রুতবেগী ৰে’লে কার্যতঃ কঁপাই তুলিব অৰুণাচল প্রদেশ সীমান্ত৷

উল্লেখ্য যে অৰুণাচল প্রদেশ সীমান্তৰ পৰা মাত্র ১৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত নিংচি হৈছে দক্ষিণ–পূব তিব্বতত চীনৰ পুৰণি সামৰিক ঘাটি৷ সম্প্রতি নিংচিত পিপল্ছ লিবাৰেচন আর্মী (পি এল এ)ৰ ৫২নং আৰু ৫৩নং মাউণ্টেইন ইনফেণ্ড্রী ব্রিগেডৰ মুখ্য কার্যালয় আছে৷ বেইজিঙে বিগত প্রায় এটা দশক ধৰি সীমান্ত সংলগ্ণ নিংচিৰ সামৰিক ঘাটি আৰু চীনা সৈন্যবাহিনীৰ মূল কেন্দ্রসমূহৰ মাজত ৰে’ল–ঘাইপথেৰে সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছে৷ নিংচিত ইতিপূর্বৰে পৰা এটা বিমানবন্দৰ আছে৷ সেই বিমানবন্দৰটো অসামৰিক বিমানৰ লগতে সামৰিক বাহিনীয়েও ব্যৱহাৰ কৰে৷

মন কৰিবলগীয়া যে ৰাষ্ট্রপতি ঝি জিনপিঙে লাছা–নিংচি ৰে’লপথটো চীনৰ নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূর্ণ হ’ব বুলি ইতিমধ্যে মন্তব্য কৰিছে৷ সামৰিক কৌশলগত দিশৰ সমান্তৰালভাৱে অর্থনৈতিকভাৱেও চীনৰ বাবে অতি গুৰুত্বপূর্ণ ৰে’ল প্রকল্পটো আৰম্ভ কৰা হৈছিল ২০১৪ চনত৷ ৪৩৫ কিলোমিটাৰ দৈর্ঘ্যৰ ৰে’লপথছোৱাৰ ৭৫ শতাংশই দলং অথবা সুৰংগ৷ লাছাৰ পৰা নিংচিলৈ নির্মাণ কৰা হৈছে মুঠ ৪৭টাকৈ সুৰংগ৷ প্রকল্পটো আৰম্ভ কৰাৰ পৰাই দিনে–নিশাই ২০ হাজাৰ শ্রমিক আৰু অভিযন্তাই ইয়াৰ নির্মাণকার্যত ব্রতী হৈছিল৷ য’ত ব্যয় হৈছে ৫.৭ বিলিয়ন মার্কিন ডলাৰ৷ ইফালে ৰে’ল প্রকল্পটোৰ সমান্তৰালভাৱে চীনে নিংচিৰ পাড় টাউনশ্বিপ–মেডক কাউণ্টীৰ বাইবুং সংযোগী সামৰিকভাৱে কৌশলগত এটা ঘাইপথৰো নির্মাণকার্য সম্পূর্ণ কৰি তুলিছে৷ ‘ঝিনহুৱানেট’ৰ তথ্য অনুসৰি সাত বছৰৰ ভিতৰত ৩১০ মিলিয়ন মার্কিন ডলাৰ ব্যয় কৰি নির্মাণ কৰা এই ঘাইপথটোৰ দৈর্ঘ্য হ’ল ৬৭.২২ কিলোমিটাৰ৷ এই ঘাইপথটোৰ নির্মাণকার্য সম্পূর্ণ হোৱাৰ লগে লগে এল এ চিলৈ ড্রেগন বাহিনীৰ সৈন্য সমাৱেশ আৰু মাৰণাস্ত্র–সৰঞ্জাম আদিৰ সৰবৰাহ সহজসাধ্য হৈ পৰিব৷

ইতিপূর্বে ২০১৩ চনত চীনে মেডক সংযোগী প্রথমটো ঘাইপথৰ নির্মাণ সম্পূর্ণ কৰি তুলিছে৷ পাড় টাউনশ্বিপ আৰু বাইবুঙক সংযোগ কৰা নতুন ৰাষ্ট্রীয় ঘাইপথটো নির্মাণ কৰা হৈছে ব্রহ্মপুত্র (তিব্বতত যাক য়াৰলুং ছাংপো নামেৰে জনা যায়)ৰ পাৰে পাৰে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে মেডক কাউণ্টী তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ দক্ষিণ–পূবত অৱস্থিত৷ মেডক কাউণ্টীৰ দক্ষিণে আছে অৰুণাচল প্রদেশ৷ উত্তৰ–পূর্বাঞ্চলৰ এই ৰাজ্যখনৰ ৯০ হাজাৰ বর্গকিলোমিটাৰ ভূমি ‘দক্ষিণ তিব্বত’ৰ অন্তর্ভুক্ত বুলি বাৰম্বাৰ দাবী কৰি আহিছে ৰঙা চীনে৷ ১৯৬২ চনৰ চীন–ভাৰতৰ যুদ্ধৰ সময়ত ড্রেগন বাহিনীয়ে অৰুণাচল প্রদেশৰ বৃহৎ ভূখণ্ড নিজৰ দখললৈ নিছিল৷ এতিয়া পুনৰ ভাৰত ভূমিক লক্ষ্য কৰি আগ্রাসী মনোভাবেৰে চীনে এল এ চিৰ সমীপৱর্তী অঞ্চলত ধাৰাবাহিকভাৱে যোগাযোগকে ধৰি বিভিন্ন ধৰণৰ আন্তঃগাঁথনিৰ নির্মাণ অব্যাহত ৰখাটো ভাৰতৰ বাবে কার্যতঃ যথেষ্ট উদ্বেগজনক বিবেচিত হৈছে৷

অকল আন্তঃগাঁথনি নির্মাণ কৰাই নহয়, অৰুণাচল প্রদেশ সংলগ্ণ এল এ চিৰ সমীপৱর্তী নিজৰ সামৰিক ঘাটিসমূহ আধুনিকীকৰণ কৰাৰো বিভিন্ন ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে৷ উপগ্রহীয় আলোকচিত্রত ধৰা পৰিছে বেইজিঙৰ এনে তৎপৰতা৷ মাত্র কেইটামান বছৰৰ ভিতৰতে এল এ চি সংলগ্ন এলেকাত থকা ড্রেগন বাহিনীৰ বিমানবন্দৰ আৰু হেলিপেডসমূহ আধুনিকীকৰণ কৰা হৈছে৷ তাৰ সমান্তৰালভাৱে বৃহৎসংখ্যক সেনা মোতায়েন কৰাৰ উপৰি স্থায়ী সামৰিক ঘাটিও গঢ়ি তুলিছে চুবুৰীয়া ৰাষ্ট্রখনে৷ অৰুণাচল প্রদেশ সীমান্তত ৰঙা চীনৰ এনে তৎপৰতা তথা যুদ্ধংদেহি মনোভাবক এতিয়া দিল্লীয়ে কিদৰে গ্রহণ কৰে বা কেনেধৰণৰ ব্যৱস্থা লয়, সেয়া লক্ষণীয় হ’ব৷

You might also like