নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধ্যাপক-শিক্ষাবিদ শৰৎ মহন্ত সোঁৱৰণী বক্তৃতাতানুষ্ঠান সম্পন্ন

🎯‘ভাৰতবর্ষঃ আমাৰ সভ্যতাগত পৰিচয়ৰ মূল’ বক্তৃতা প্ৰদান সঞ্জীৱ সন্যালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : ‘এখন দেশ হিচাপে ভাৰতবর্ষ এটা প্রাগ্–ঐতিহাসিক ধাৰণা আৰু ভাৰতবর্ষৰ সভ্যতাগত পৰিচয় অতিকৈ প্রাচীন৷’– অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচন আৰু গুৱাহাটীস্থ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ উদ্যোগত নৱম সংখ্যকবাৰৰ বাবে আয়োজন কৰা অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বত্তৃণতানুষ্ঠানত মূল বক্তব্য প্রদান কৰি দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অর্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য, বিশিষ্ট অর্থনীতিবিদ সঞ্জীৱ সন্যালে এইদৰে কয়৷ ‘ভাৰতবর্ষঃ আমাৰ সভ্যতাগত পৰিচয়ৰ মূল’ শীর্ষক বিষয়ত বত্তৃণতা দি আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন অর্থনীতিবিদ তথা এগৰাকী অগ্রণী ইতিহাসবিদ সঞ্জীৱ সন্যালে কয় যে সকলোধৰণৰ ন্যস্ত স্বার্থজড়িত ‘ঔপনিৱেশিক অস্বীকাৰ’ৰ বিপৰীতে ভাৰতবর্ষক এক স্পষ্ট ধাৰণা আৰু জাতি–জাতীয়তা তথা সভ্যতাগতভাৱেও ভাৰতবর্ষৰ ধাৰণা অতি প্রাচীন আৰু তথ্যবদ্ধ তথা তথ্যসিদ্ধ৷ ভাৰতীয় ইতিহাস তথা অর্থনীতি বিষয়ক কেইবাখনো গুৰুত্বপূর্ণ গ্রন্থ ৰচনা কৰা বিশিষ্ট লেখক তথা শিক্ষাবিদ সঞ্জীৱ সন্যালে বেদ–উপনিষদ–পুৰাণ বিভিন্ন তথ্য আৰু উদাহৰণ দাঙি ধৰি এখন দেশ হিচাপে ভাৰতবর্ষৰ ভৌগোলিক পৰিসীমা তথা ভাৰতৰ সভ্যতাগত পৰিচয়ৰ মূল সন্দর্ভত এটা তথ্যসমৃদ্ধ ভাষণ দি বহু নতুন চিন্তাৰ উদ্রেক কৰে৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্রহণ কৰা সঞ্জীৱ সন্যালে কয় যে ভাৰতবর্ষ কেৱল ৰাজ্যসমূহৰ সংঘ নহয়, ভাৰতবর্ষ হৈছে এক অতি প্রাচীন, স্পষ্ট আৰু ব্যাপক ধাৰণা আৰু সভ্যতাগতভাৱে এটি সম্ভ্রান্ত পৰিচয়৷ ভাৰতীয় সভ্যতাই এটা সময়ত এছিয়াৰ অন্যান্য অংশকো সামৰি লৈছিল বুলি মন্তব্য কৰি সঞ্জীৱ সন্যালে উপস্থাপন কৰা বক্তব্যৰ তথ্যগতভাৱেও সুন্দৰকৈ বিশ্লেষণ আগবঢ়ায়৷ উল্লেখ্য যে মূল বক্তব্যৰ পৰিপূৰক হোৱাকৈ মহাৰাজ পৃথুৰ ঐতিহাসিক গুৰুত্ব সম্পর্কত এক চমু বিশ্লেষণ আগবঢ়ায় অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্র নৱাৰুণ বৰুৱাই৷ বিহাৰৰ প্রখ্যাত নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰাৰ পিছত অসম অভিমুখী সাম্রাজ্যবাদী অত্যাচাৰী আক্রমণকাৰী বখতিয়াৰ খিলজীক পৰাস্ত কৰি অসীম বীৰত্বৰ পৰিচয় দিয়া কামৰূপৰ মহাৰাজ পৃথুক অসমৰ প্রথমগৰাকী ৰক্ষক অথবা ত্রাণকর্তা বুলিও নৱাৰুণ বৰুৱাই অভিহিত কৰে৷ মহাবীৰ লাচিত বৰফুকনৰ দৰে মহাৰাজ পৃথুৱেও তেওঁৰ ধার্মিক–গুণী–দক্ষ ৰাজত্ব আৰু অপৰিসীম বীৰত্বৰ বাবে যথোচিত স্বীকৃতি আৰু সন্মান পোৱাটো উচিত বুলিও গৱেষক নৱাৰুণ বৰুৱাই মন্তব্য কৰে৷ উল্লেখ্য যে অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ সচিব তথা অ’ পি জিন্দাল গ্ল’বেল বিশ্ববিদ্যালয়ৰ প্রাধ্যাপক–ডীন ড০ উপাসনা মহন্তই আঁত ধৰা উক্ত বত্তৃণতানুষ্ঠানটি মাংগিলক বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, প্রধানমন্ত্রীৰ অর্থনৈতিক উপদেষ্টা পৰিষদৰ সন্মানীয় সদস্য সঞ্জীৱ সন্যাল, আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক, অগ্রণী উদ্যোগী মহিলা ৰিণিকি ভূঞা শর্মা, বিশেষ আৰক্ষী সঞ্চালকপ্রধান হৰমিৎ সিং, অধ্যাপক শৰৎ মহন্তৰ সহধর্মিণী মীনা মহন্ত, সাংসদ পবিত্র মার্ঘেৰিটা আৰু অসমৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই৷ অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বত্তৃণতানুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই৷ উদ্বোধনী ভাষণ প্রসংগত ৰাজ্যপাল কাটাৰিয়াই অধ্যাপক শৰৎ মহন্তক একাধাৰে এজন শিক্ষাবিদ, সাংবাদিক, চিন্তাশীল লেখক, সমাজকর্মী আৰু অসমত মানৱ অধিকাৰৰ ধাৰণা বিকাশৰ এগৰাকী অগ্রণী প্রবক্তা বুলি অভিহিত কৰাৰ লগতে তেখেতৰ জীৱন, কর্ম আৰু আদর্শ নতুন প্রজন্মৰ বাবে সদায়েই এক অনুপ্রেৰণাৰ উৎস বুলি মন্তব্য কৰে৷ অধ্যাপক শৰৎ মহন্তৰ আদর্শ আৰু স্বপ্ণক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে গঠিত অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনে প্রতি বছৰে গুৱাহাটীৰ ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰি অহা বত্তৃণতানুষ্ঠানসমূ শৈক্ষিক–বৌদ্ধিক দিশসমূহৰ লগতে আর্থ–সামাজিক তথা ঐতিহাসিক ক্ষেত্রসমূহতো নতুন চিন্তা–চর্চাৰ উন্মেষ কৰিছে বুলিও ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে৷ অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ নিৰৱচ্ছিন্ন বৌদ্ধিক প্রয়াসৰ শলাগ লোৱাৰ লগতে এনে ধৰণৰ চিন্তা উদ্রেককাৰী বত্তৃণতানুষ্ঠানে নতুন ধাৰণা, নতুন দৃষ্টিভংগী গঠনৰ সোপান ৰচনা কৰিব বুলিও ৰাজ্যপাল কাটাৰিয়াই আশা ব্যক্ত কৰে৷ অধ্যাপক শৰৎ মহন্তৰ সহধর্মিণী মীনা মহন্ত, পুত্র তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত, নাতিনী ডাঃ আর্চিয়া মহন্ত আৰু ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ এছ পি সিঙে সমল ব্যক্তি তথা অভ্যাগতসকলক আনুষ্ঠানিকভাৱে আদৰণি জনায়৷ প্রণিধানযোগ্য যে নামঘোষাৰ এফাকি প্রার্থনাৰে বত্তৃণতানুষ্ঠানটিৰ শুভাৰম্ভ কৰে জনপ্রিয় সংগীত শিল্পী জুবলী বৰুৱাই৷ অনুষ্ঠানটিত ‘কৃষ্ণ বন্দনা’ শীর্ষক নৃত্যাভিনয় পৰিৱেশন কৰি বিশিষ্ট নৃত্যশিল্পী মৃদুস্মিতা দাস বৰা আৰু ৰাজীৱ ৰাগে অনুষ্ঠানটিক সুকীয়া মাত্রা প্রদান কৰে৷ প্রণিধানযোগ্য যে মূল বত্তৃণতানুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্য বক্তা অর্থনীতিবিদ সঞ্জীৱ সন্যালৰ সৈতে হোৱা বিষয়নিষ্ঠ আলোচনা আৰু উপস্থিত সুধীবৃন্দৰ প্রশ্ণোত্তৰ শিতানে সামগ্রিকভাৱে অনুষ্ঠানটি অধিক আকর্ষণীয় কৰি তোলে৷ অনুষ্ঠানটিত অৱসৰপ্রাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতা, বিশেষ মুখ্য সচিব এম কে যাদৱ, অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী, অসম লোকসেৱা আয়োগৰ সদস্য মেজৰ জেনেৰেল ভাস্কৰ কলিতা, গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য, অভিনেত্রী মৃদুলা বৰুৱা, অভিনেতা কপিল বৰা, ড০ সঞ্জীৱ নাৰায়ণ, প্রধান সচিব কল্যাণ চক্রৱর্তী, জয়ন্ত নার্লিকাৰ, নাৰায়ণ কোঁৱৰ, অধ্যাপক শৰৎ মহন্তৰ জ্যেষ্ঠ পুত্র ড০ পার্থসাৰথি মহন্ত, বোৱাৰী ইন্দ্রাণী বৰুৱাকে প্রমুখ্য কৰি ৰাজ্যখনৰ বিভিন্ন ক্ষেত্রৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like