হাৰিয়ানাত অনুষ্ঠিত চিন্তন শিবিৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
বিশেষ বাৰ্তা, ২৭ অক্টোবৰঃ দেশৰ আভ্যন্তৰীণ সুৰক্ষাক লৈ ৰাজ্যসমূহৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰে পৰা এক ‘চিন্তন শিবিৰ’ৰ আয়োজন কৰিছে। দিল্লীৰ সমীপৱৰ্তী হাৰিয়ানাৰ সুৰজকুণ্ডত আয়োজন কৰা দুদিনীয়া এই শিবিৰত ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰে। চিন্তন শিবিৰত ৰাজ্যসমূহৰ গৃহ বিভাগক প্ৰতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী কিম্বা বিভাগীয় মন্ত্ৰীসকলৰ সৈতে কেন্দ্ৰীয় গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অমিত শ্বাহে আলোচনা কৰে। দেশৰ বাবে প্ৰত্যাহ্বানস্বৰূপ সকলো সমস্যাক লৈ চিন্তন শিবিৰত আলোকপাত কৰা হব। আলোচনাকালত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ তাতপৰ্যপূৰ্ণ মন্তব্য– এসময়ত হিংসা জৰ্জৰিত দেশৰ উত্তৰপূৰ্বাঞ্চল, মাওবাদী অধ্যুষিত এলেকা আনকি জম্মু-কাশ্মীৰত এতিয়া উন্নয়নমূলক কামকাজৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। আনহাতে চাইবাৰ অপৰাধত কেৱল দেশৰ বুলি নহয় সমগ্ৰ বিশ্বৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ বুলি আজিৰ চিন্তন শিবিৰত চিহ্নিত কৰা হৈছে তথা কেন্দ্ৰীয় গৃহ বিভাগে এনে ধৰণৰ অপৰাধ প্ৰতিহত কৰিবলৈ বধ্যপৰিকৰ বুলি প্ৰকাশ কৰা হৈছে। দুদিনীয়া শিবিৰৰ প্ৰথম দিনা হোৱা আলোচনাৰ পাছত গৃহ বিভাগে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিছে। আনহাতে ড্ৰাগছৰ বিৰুদ্ধেও কেন্দ্ৰীয় চৰকাৰে সবল ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰা হৈছে। তাতপৰ্যপূৰ্ণভাৱে বিভাগীয় প্ৰেছ বিজ্ঞপ্তি অনুসৰি কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পিছত অৰ্থাত যোৱা প্ৰায় ৮ বছৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ২০,০০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। কোৱা হৈছে আজিৰ পৃথিৱীখনত অপৰাধৰ চৰিত্ৰ সলনি হৈছে। অপৰাধৰ নেটৱৰ্ক দেশ কিম্বা ৰাজ্যৰ গণ্ডী অতিক্ৰম কৰিছে। এইক্ষেত্ৰত ৰাজ্যসমূহৰ এটা নিৰ্দিষ্ট কৌশল অৱলম্বন কৰাৰ ওপৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে আজি গুৰুত্ব প্ৰদান কৰে। গৃহমন্ত্ৰীজনে আজিৰ আলোচনাত উগ্ৰপন্থাৰ বিৰুদ্ধে কেন্দ্ৰীৰ শূন্য সহনশীলতাৰ কথাও উল্লেখ কৰে। চিন্তন শিবিৰত নাৰী সুৰক্ষাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয়। ‘টীম ইণ্ডিয়া এপ্ৰোচ’ আৰু ‘হোল অফ গভৰ্নমেন্ট’ৰ আধাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সহযোগিতা, সমন্বয় আৰু সহায়ৰ ভিত্তিত আগবাঢ়ি গৈছে। লক্ষ্যনীয়ভাৱে মূলতঃ বিজেপিশাসিত ৰাজ্যসমূহৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীসকলেই এই শিবিৰত অংশগ্ৰহণ কৰে। অবিজেপি শাসিত ৰাজ্যসমূহৰ ভিতৰত কেৱল কেৰালা আৰু পাঞ্জাবৰ মুখ্যমন্ত্ৰী ক্ৰমে পিনাৰাই বিজয়ন আৰু ভগৱন্ত মানে আজিৰ আলোচনাত অংশগ্ৰহণ কৰে। ইয়াৰ বিপৰীতে গৃহ বিভাগৰ দায়িত্বত থকা সত্ত্বেও পশ্চিমবংগ, বিহাৰ, ওড়িশা আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী ক্ৰমে মমতা বেনাৰ্জী, নীতিশ কুমাৰ, নবীন পট্টনায়ক আৰু এম কে ষ্টেলিনে কেন্দ্ৰীয় গৃহ বিভাগৰ চিন্তন শিবিৰত অংশ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। আনহাতে বিজেপিশাসিত ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিচাপে হাৰিয়ানাৰ মনোহৰলাল খট্টৰ, উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ, মণিপুৰৰ এন বীৰেন সিং, গোৱাৰ প্ৰমোদ সাৱন্ত, ত্ৰিপুৰাৰ মানিক সাহা, উত্তৰাখণ্ডৰ পুষ্কৰ সিং ধামি আৰু ছিকিমৰ প্ৰেম সিং তামাঙৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। উপ মুখ্য়মন্ত্ৰী হিচাপে মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ ফাড়নাবিছ আৰু নাগালেণ্ডৰ ৱাই পেটনে চিন্তন শিবিৰত উপস্থিত থাকে। উল্লেখ্য যে দুদিনীয়া চিন্তন শিবিৰৰ দ্বিতীয় দিনা অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি সুৰজকুণ্ডতেই নিশা যাপন কৰিব।
প্ৰেৰক কল্লোল ভৌমিক