জাতিৰ বিৰুদ্ধে জাতিক উচটাই বিপজ্জনক খেল খেলিছে কংগ্রেছে
📌 আপোনালোক যদি ঐক্যবদ্ধ হৈ থাকে, তেতিয়াহ’লে আপোনালোক সুৰক্ষিতঃ মোদী
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ নৱেম্বৰঃ বহুচর্চিত মহাৰাষ্ট্রৰ বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানৰ ৰণশিঙা বজালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ৰাজ্যখনৰ উত্তৰ–পশ্চিম প্রান্তৰ ধুলেত বিশাল নির্বাচনী সভাত প্রধানমন্ত্রী মোদী কংগ্রেছৰ বিৰুদ্ধে আক্রমণাত্মক হৈ পৰে৷ নির্বাচনী ভাষণত প্রধানমন্ত্রী মোদীয়ে কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাজ্যখনৰ উন্নয়নৰ গেৰাণ্ঢী কেৱল একনাথ শিন্দে আৰু অজিত পাৱাৰ নেতৃত্বাধীন মহাজোঁটটোৱেহে দিব পাৰে বুলি কয়৷ বিজেপি, একনাথ শিন্দে শিৱসেনা আৰু অজিত পাৱাৰ এনচিপিৰ মহাজোঁটটোৰ হৈ প্রচাৰ অভিযান আৰম্ভ কৰি প্রধানমন্ত্রী মোদীয়ে কংগ্রেছক আক্রমণ কৰে৷ জনজাতীয় সম্প্রদায় অধ্যুষিত ধুলেত কংগ্রেছক আক্রমণ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে কংগ্রেছে প্রান্তীয় গোট তথা পিছপৰা সম্প্রদায়ৰ বিৰুদ্ধে ষড়যন্ত্র কৰি আহিছে৷ এটা জাতিৰ বিৰুদ্ধে আন এটা জাতিক উচটাই কংগ্রেছে বিপজ্জনক খেল খেলিছে৷ এই খেল খেলাৰ কাৰণেই হৈছে যে কংগ্রেছে কেতিয়াও দলিত অথবা পিছপৰা সম্প্রদায় বা জনজাতীয় সম্প্রদায়ৰ সদস্যৰ জীৱনৰ উন্নতি নিবিচাৰে৷ এয়াই হৈছে কংগ্রেছৰ ইতিহাস৷ মহাজোঁটটোক পুনৰ নির্বাচিত কৰিবলৈ ভোটাৰক আহ্বান জনাই প্রধানমন্ত্রীগৰাকীয়ে কয়– আপোনালোক যদি ঐক্যবদ্ধ হৈ থাকে, তেতিয়াহ’লে আপোনালোক সুৰক্ষিত৷ আনপিনে মহাবিকাশ আঘাড়ীৰ দল কংগ্রেছৰ লগতে উদ্ধৱ থাকৰে শিৱসেনা আৰু শাৰদ পাৱাৰ এনচিপিকো কঠোৰ ভাষাৰে সমালোচনা কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ ভাষণত তেওঁ কয়– মহাবিকাশ আঘাড়ীৰ বাহনত চকাও নাই ব্রেকো নাই৷ তেওঁলোকে কেৱল ড্রাইভাৰৰ আসনখনৰ কাৰণে যুঁজে৷