নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ৰ পৰা ১২বছৰ বয়সৰ শিশুৱে লাভ কৰিব Covaxin, DCGIয়ে জনালে অনুমোদন

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ভাল খবৰ। ৫-১২বছৰীয়া শিশুক প্ৰদান কৰা হ’ব কৰোনা ভেকছিন। ড্ৰাগ্ছ কণ্ট্ৰোল জেনেৰেল অফ ইণ্ডিয়াই (ডিচিজিআই) মঙলবাৰে ইয়াৰ অনুমোদন প্ৰদান কৰে। ইয়াৰ অধীনত, ৫-৬বছৰীয়া শিশুক বাঅ’লজিকেল ই-ৰ কাৰ্বাভেক্স প্ৰদান কৰা হ’ব। একে সময়তে ৬-১২বছৰ বয়সৰ শিশুৰ বাবে কৰোনা ভেকছিনৰ দুটা বিকল্প আছে – ভাৰত বায়োটেকৰ কোভাক্সিন আৰু কাৰ্বাভেক্স। একে সময়তে, ১২ বছৰৰ অধিক বয়সৰ কিশোৰসকলক জাইডাছ কেডিলাৰ কৰোনা ভেকছিন জাইকভ ডি-ৰ দুটা পালি দিয়া হ’ব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই এই গুৰুত্বপূৰ্ণ তথ্য আজি টুইটযোগে প্ৰকাশ কৰিছে।

সূত্ৰঅনুসৰি, ভাৰত বায়োটেকৰ কৰোনা ভেকছিন ‘কভাক্সিন’ আৰু কাৰ্বাভাক্স দুয়োটা বিকল্প হিচাপে ৬ ৰ পৰা ১২ বছৰ বয়সৰ বাবে প্ৰদান কৰা হ’ব। ডিচিজিআইয়ে ভাৰত বায়োটেকৰ কোভিড-19 ভেকছিন, কোভাক্সিন, ৬ৰ পৰা ১২বছৰ বয়সৰ বাবে অনুমোদন জনাইছে।

You might also like