নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত বিপাশা শৰ্মাৰ একক চিত্ৰ প্ৰদৰ্শনীত বিমোহিত দৰ্শক 

নিয়মীয়া বাৰ্তা, বৰভাগ, ২৬  এপ্ৰিলঃ এগৰাকী মেধাৱী ছাত্ৰীৰ অনন্য প্ৰতিভাৰে সৃষ্টিশীলতাৰ সুন্দৰৰ বাটত হেঙুলীয়া ৰহন চৰাবলৈ সক্ষম হৈছে। মনৰ সুপ্ত প্ৰতিভাক উদ্ভাসিত কৰি সত্য  অন্বেষণৰ এক মাধ্যম হিচাপে একক চিত্ৰ প্ৰদৰ্শনীৰে মানুহৰ  চিন্তা-চেতনাক জাগ্ৰত কৰাৰ  নিৰলস প্ৰয়াস কৰিছে বিপাশা শৰ্মা নামৰ ছাত্ৰীগৰাকীয়ে। নলবাৰী জিলাৰ বুদ্ৰুকুছি খাদীচ’কত  সাৰ্বজনীন ৰঙালী বিহু সমিতিৰ উদ্যোগত অলপতে নিত্যানন্দ হাইস্কুল প্ৰাংগনত এদিনীয়াকৈ উদযাপন কৰা ৩২ সংখ্যক ৰঙালী বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এখন একক চিত্ৰ প্ৰদৰ্শনীয়ে ৰাইজক মোহিত কৰাৰ লগতে ব্যাপক সমাদৰ লাভ কৰে। কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী, প্ৰতিভাসম্পন্ন চিত্ৰ শিল্পী তথা বুদ্ৰুকুছিৰ অৱসৰী শিক্ষক পৰেশ চন্দ্ৰ শৰ্মাৰ কন্যা বিপাশা শৰ্মাৰ সেন্দুৰীয়া তুলিকাৰে অংকন কৰা একক চিত্ৰ প্ৰদৰ্শনীখনত অতুলনীয় তথা নয়নাভিৰাম ছবিবোৰে ৰাইজক বাৰুকৈয়ে আকৰ্ষণ কৰে। দেশ-বিদেশৰ জনপ্ৰিয় তাৰকা, সাহিত্যিক, শিল্পী, বৈজ্ঞানিক, ৰাজনৈতিক নেতা, ন’বেল বঁটা প্ৰাপকৰ পোট্ৰেইট তথা মহান সাহিত্য আৰু চলচিত্ৰৰ দুৰন্ত চৰিত্ৰসমূহৰ অনুপম তৈলচিত্ৰ অংকন কৰা ছবিসমৃহ প্ৰদৰ্শিত কৰা হয় চিত্ৰপ্ৰদৰ্শনীখনত। উল্লেখ্য যে, একক চিত্ৰ প্ৰদৰ্শনীখন আনুষ্ঠানিকভাবে মুকলি কৰে বিশিষ্ট নাট্যকাৰ তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই।
You might also like