সঞ্জয় সিঙৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি আদালতৰ
বিশেষ বাৰ্তা, ৪ ডিচেম্বৰঃ দিল্লী সুৰা নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আজি আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙৰ ন্যায়িক জিম্মা বৃদ্ধি কৰে ৰাউছ এভিনিউ আদালতে। সিঙৰ জিম্মা ১১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। ইডিয়ে আদালতত আবেদন দাখিল কৰি চাৰ্জ শ্বীটখন ছীল কভাৰত ৰখাৰ দাবী জনাইছে যাতে সাক্ষীৰ পৰিচয় প্ৰকাশ নহয়। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে সাক্ষীৰ পৰিচয় সুৰক্ষা নিশ্চিত কৰিবলৈ তেওঁলোকৰ ঠাইত তেওঁলোকৰ ছদ্মনাম ব্যৱহাৰ কৰাৰ অনুমতি বিচাৰিছে। ইডিয়ে অভিযোগনামা সম্পৰ্কীয় তথ্য সংবাদ মাধ্যমৰ আগত ফাদিল কৰা বুলি অভিযোগ উত্থাপন কৰে সঞ্জয় সিঙে। এই অভিযোগনামা ইতিমধ্যে সংবাদ মাধ্যমত দাখিল কৰা হৈছে। আদালতত দাখিল কৰাৰ পূৰ্বে সকলো তথ্য সংবাদ মাধ্যমত আহিছে। তেওঁৰ অধিবক্তাই কয় যে সকলো তথ্য সংবাদ মাধ্যমত আছে। এইখন ৬০ পৃষ্ঠাৰ চাৰ্জশ্বীট। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আদালতে বাতৰিকাকতত প্ৰকাশিত বাতৰিসমূহ চাই কয় যে অভিযোগনামা সন্দৰ্ভত সাধাৰণ তথ্য প্ৰকাশ কৰা হৈছে। অভিযোগনামাত উল্লেখ কৰা কোনো নিৰ্দিষ্ট তথ্য সংবাদ মাধ্যমত প্ৰকাশ কৰা হোৱা নাই। ইডিয়ে এই গোচৰৰ সৈতে জড়িত আপ নেতা সঞ্জয় সিঙক অক্টোবৰ মাহত তেওঁৰ চৰকাৰী বাসগৃহত কেইবা ঘণ্টা ধৰি অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল। এই গোচৰত প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াও কাৰাগাৰত বন্দী হৈ আছে। তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰিছে যে ব্যৱসায়ী দীনেশ অৰোৰাই সিঙৰ বাসগৃহত দুটা কিস্তিত নগদ দুই কোটি টকা ডেলিভাৰী কৰিছিল। এই অভিযোগ নাকচ কৰি আপে কৈ আহিছে যে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰে এই সকলোবোৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে কৰি আছে। এই সন্দৰ্ভত বিজেপিয়ে উত্তৰ দি কয় যে তদন্তকাৰী সংস্থাটোৱে প্ৰমাণৰ ভিত্তিত নিজৰ কাম কৰি আছে।
#বাৰ্তা ডেস্ক