2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Telangana pharma plant বিস্ফোৰণত মৃতকৰ সংখ্যা ৪৫লৈ বৃদ্ধি

বৰ্তমান ৩৫জন বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে আৰু ১০জনৰ অৱস্থা অতিশয় সংকটজনক বুলি জানিব পৰা গৈছে।

Telangana pharma plant : তেলেংগানাৰ সিগাচি ইণ্ডাষ্ট্ৰিজৰ ফাৰ্মাচিউটিকেল প্লাণ্টত সংঘটিত ভয়ংকৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৪৫লৈ বৃদ্ধি পাইছে।

বৰ্তমান ৩৫জন বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে আৰু ১০জনৰ অৱস্থা অতিশয় সংকটজনক বুলি জানিব পৰা গৈছে।

জিলা আৰক্ষী অধীক্ষকে  কয়— “ধ্বংসাৱশেষ উঠোৱাৰ সময়ত বহু মৃতদেহ পোৱা গৈছে। এতিয়ালৈকে ৩১টা মৃতদেহ উদ্ধাৰ কৰা হৈছে, আৰু ৩জনে হাস্পতালত চিকিৎসাৰ সময়তে প্ৰাণ হেৰুৱাইছে। উদ্ধাৰ কাৰ্যৰ অন্তিম পৰ্যায় এতিয়াও চলি আছে।”

বিস্ফোৰণৰ কাৰণ : চোমোৱা ৰাসায়নিক প্ৰতিক্ৰিয়াক এই মাৰাত্মক দুৰ্ঘটনাৰ সম্ভাব্য কাৰণ বুলি সন্দেহ কৰা হৈছে।

চৰকাৰী তৎপৰতাঃ মুখ্যমন্ত্ৰী এ. ৰেৱন্থ ৰেড্ডীয়ে আজি পুৱাই ঘটনাস্থলী পৰিদৰ্শন কৰে।

সিগাচি ইণ্ডাষ্ট্রিজ লিমিটেডঃ এই কোম্পানী Active Pharmaceutical Ingredients (APIs), Intermediates, Excipients, ভিটামিন-মিনাৰেল ব্লেণ্ড, আৰু Operations and Management (O&M) servicesৰ উন্নতিসাধনত নিয়োজিত এখন ফাৰ্মাচিউটিকেল কোম্পানী বুলি ইয়াৰ ৱেবছাইটত উল্লেখ আছে।

Telangana pharma plant দুৰ্ঘটনাটো সাম্প্ৰতিক সময়ত তেলেংগানাত হোৱা সৰ্ববৃহৎ দুৰ্ঘটনাসমূহৰ অন্যতম। ঘটনাটোৰ তদন্ত চলি আছে।

Niyomiya Barta Desk, Date of published : 1 July, 2025

You might also like