নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইমছৰ পৰা ৰিলিজ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ জুলাই : কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক আজি চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়। কঁকালৰ বিষৰ বাবে বৃহস্পতিবাৰে তেওঁক এইমছত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান তেওঁ সুস্থ। ১০ জুলাইত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৭৩সংখ্যক জন্মদিন পালন কৰে। এই সময়ছোৱাত দেশৰ বহু জ্যেষ্ঠ নেতাই তেওঁক অভিনন্দন জনাইছিল। উল্লেখনীয়, কঁকালৰ বিষৰ বাবে বৃহস্পতিবাৰে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভৰ্তি কৰোৱা হৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক। য’ত চিকিৎসালয়ৰ বিষয়াসকলে ১১ জুলাইৰ গভীৰ নিশা এই তথ্য শ্বেয়াৰ কৰিছিল। আনহাতে, এইমছৰ মিডিয়া চেলৰ ভাৰপ্ৰাপ্ত ডাঃ ৰীমা দাদাই সেই সময়ত কৈছিল যে তেওঁৰ অৱস্থা সুস্থিৰ আৰু তেওঁক পৰ্যবেক্ষণত ৰখা হৈছে। বৰ্তমান তেওঁ চিকিৎসালয়ৰ পৰা ৰিলিজ হোৱাটো নিশ্চিত কৰা হৈছে। বিগত কেইবাদিনো কঁকালৰ বিষত ভুগি আছিল ৰাজনাথ সিং। এইমছৰ স্নায়ু অস্ত্ৰোপচাৰ বিভাগত ভৰ্তি কৰোৱা হৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক। জানিব পৰা গৈছে যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী বিগত কেইবাদিনো কঁকালৰ বিষৰ সমস্যাত ভুগি আছিল। এইমছ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসকৰ তত্ত্বাৱধানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক চিকিৎসা প্ৰদান কৰা হয়। এতিয়া জিৰণি লোৱাৰ পিছত তেওঁক যাবলৈ দিয়া হ’ল। উল্লেখ্য যে ৭৩ বছৰীয়া ৰাজনাথ সিঙে একেৰাহে তৃতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ লোকসভা আসনৰ পৰা সাংসদ নিৰ্বাচিত হৈছে। ইয়াৰ সমান্তৰালকৈ তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত একেৰাহে তৃতীয়বাৰৰ বাবে গঠিত কেন্দ্ৰীয় চৰকাৰত দুবাৰকৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। অৱশ্যে প্ৰথম কাৰ্যকালতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্ব লাভ কৰে। আনহাতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰত ৰাজ্যসভাৰ সাংসদ হৈ থকাৰ সময়তে তেওঁক পৰিবহণ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।ইয়াৰ উপৰি ৰাজনাথ সিঙে দুবাৰকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত অধিষ্ঠিত হৈছে। লগতে ৰাজনাথ সিং ২০০৫ চনৰ পৰা ২০০৯ চনলৈ আৰু ২০১৩ চনৰ পৰা ২০১৪ চনলৈ বিজেপিৰ সভাপতি আছিল। পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও আহিছে।

You might also like