নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ বিজেপিৰ মুখ্যমন্ত্রীৰ আসনত মহিলা!

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভাৰ নির্বাচনত বিজেপিয়ে অভূতপূর্ব বিজয় সাব্যস্ত কৰাৰ পিছত নতুন মুখ্যমন্ত্রী কোন হ’ব তাক লৈ চলি আছে চর্চা৷ গেৰুৱা শিবিৰৰ হাতত কেজৰিৱালৰ আম আদমী পার্টী পৰাভূত হ’বলগীয়া হৈছে দিল্লীত৷ আম আদমী পার্টীক হৰুৱাই বিজেপিয়ে এতিয়া দিল্লীত নতুন চৰকাৰ গঠনৰ বাবে কুচকাৱাজ চলাই আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আমেৰিকাৰ পৰা উভতি অহাৰ পিছতে দিল্লীত বিজেপি চৰকাৰে শপত ল’ব৷ কিন্তু মুখ্যমন্ত্রী কোন হ’ব, তাক লৈ এতিয়াও কোনো সিদ্ধান্ত গ্রহণ কৰা নাই দলটোৱে৷ কেইবাগৰাকীও নেতা মুখ্যমন্ত্রিত্বৰ দৌৰত থকা বুলি চর্চা চলি থকাৰ মাজতে সংবাদ মাধ্যমত প্রকাশ পাইছে যে দিল্লীত এগৰাকী মহিলাক মুখ্যমন্ত্রীৰ দায়িত্ব প্রদান কৰিব পাৰে বিজেপিয়ে৷ কেইবাটাও সংবাদ সংস্থাৰ প্রতিবেদনত এই কথা সদৰী কৰা হৈছে৷ স্মর্তব্য যে ৭০ আসনবিশিষ্ট দিল্লীত বিজেপিয়ে ৪৮খন আসনত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে আম আদমী পার্টীয়ে লাভ কৰিছে ২২খন আসন৷ আজি সংবাদ মাধ্যমত প্রকাশ পোৱা প্রতিবেদন অনুসৰি, নৱনির্বাচিত মহিলা এগৰাকীক বিজেপিয়ে মুখ্যমন্ত্রীৰ দায়িত্ব প্রদান কৰাৰ সম্ভাৱনা আছে৷ স্মর্তব্য যে এইবাৰ দিল্লী বিধানসভাত চাৰিগৰাকী মহিলা প্রার্থীয়ে বিজেপিৰ পৰা জয়লাভ কৰিছে৷ সেই চাৰিগৰাকী প্রার্থী হৈছে নিলম পাহালৱান, ৰেখা গুপ্তা, পুনম শর্মা আৰু শিখা ৰয়৷ নিলম পাহালৱানে প্রথমবাৰৰ বাবে নাজফগড় সমষ্টিৰ পৰা জয়লাভ কৰিছে৷ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ প্রাক্তন সভানেত্রী ৰেখা গুপ্তাই শালিমাৰবাগ সমষ্টিত বিজয় সাব্যস্ত কৰিছে৷ পুনম শর্মাই ৱাজিৰপুৰ আৰু শিখা ৰয়ে সোমনাথ ভাৰতীক পৰাভূত কৰি নিজৰ বিজয় সাব্যস্ত কৰিছে৷

You might also like