শীঘ্ৰেই ঘোষণা হ’ব দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম, গৃহমন্ত্ৰীৰ বাসগৃহত ৰুদ্ধদ্বাৰ বৈঠক
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ ২৭ বছৰৰ পাছত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হ’বলৈ গৈ আছে। দিল্লীৰ ৭০খন আসনৰ ভিতৰত বিজেপিয়ে ৪৮খন আসন লাভ কৰাৰ বিপৰীতে আপে কেৱল ২২খন আসনত সন্তুষ্ট হ’বলগীয়া হৈছিল। ইফালে বিজেপিয়ে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। দিল্লীত চৰকাৰ গঠন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জে পি নাড্ডা, বৈজয়ন্ত পাণ্ডা আৰু বি এল সন্তোষো উপস্থিত আছিল। কোৱা হৈছে যে এই বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পদৰ নাম আলোচনা কৰা হৈছিল। বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে বিধায়কসকলক সাক্ষাৎ কৰিব। আইএনএছৰ তথ্য অনুসৰি আজি সন্ধিয়া বিজয়ী সকলো বিধায়কক সাক্ষাৎ কৰিব দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সাচদেৱে। এই সময়ছোৱাত তেওঁ সকলোকে অভিনন্দন জনাব আৰু চৰকাৰ গঠন সন্দৰ্ভতো আলোচনাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত শনিবাৰে সন্ধিয়া বিজেপিৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী, জে পি নাড্ডা, অমিত শ্বাহৰ সৈতে শপতগ্ৰহণ অনুষ্ঠান আৰু দিল্লীত গঠন হ’বলগীয়া চৰকাৰৰ ৰূপৰেখা সন্দৰ্ভত এক আলোচনাত মিলিত হয়। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশ ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হ’ব পাৰে। ১৪ ফেব্ৰুৱাৰীৰ নিশা ঘূৰি আহিব প্ৰধানমন্ত্ৰী মোদী। ইয়াৰ পিছতহে শপত গ্ৰহণ অনুষ্ঠান দিল্লীত হ’ব পাৰে। এই শপত গ্ৰহণ অনুষ্ঠান গ্ৰেণ্ড হ’ব। ইয়াত এন ডি এৰ নেতাসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি এন ডি এ শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীকো মাতিব। ইফালে, বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টি (আপ)ৰ তীব্ৰ পৰাজয়ৰ এদিন পিছতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে উপ-ৰাজ্যপাল ভি কে ছাক্সেনাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। বিষয়াসকলে জনোৱা মতে, আতিশীয়ে ৰাজ নিৱাসত ছাক্সেনাক পদত্যাগ পত্ৰ দাখিল কৰে। যদিও দলটোৱে এক গুৰুতৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল, তথাপিও অতিশীয়ে নিজৰ কলকাজী আসনখন বচাবলৈ সক্ষম হৈছিল।