দেৱেন্দ্ৰ ফাড়নাৱিছেই মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ডিচেম্বৰঃ বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাৱিছ হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাৱিছৰ নাম অনুমোদন। আজি বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয় দেৱেন্দ্ৰ ফাড়নাৱিছ। ইফালে একনাথ শিণ্ডে আৰু অজিত পাৱাৰক মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। এই সিদ্ধান্তৰ পিছত এতিয়া দেৱেন্দ্ৰ ফাড়নাৱিছে সমৰ্থক বিধায়কৰ নাম আৰু আসন থকাৰ দাবী লৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপালক সাক্ষাৎ কৰিব চৰকাৰ গঠনৰ বাবে। বিয়লি ৩.৩০ বজাত ৰাজভৱনলৈ যাব মহাযুটিৰ নেতাসকল। কাইলৈ মহাৰাষ্ট্ৰৰ আজাদ ময়দানত শপতগ্ৰহণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াত বিজেপিৰ বহু জ্যেষ্ঠ নেতা উপস্থিত থাকিব। বিধানসভা নিৰ্বাচনত বিজেপিয়ে যিদৰে আসন পালে, বিশ্বাস কৰা হৈছিল যে পৰৱৰ্তী মুখ্যমন্ত্ৰীজন কেৱল বিজেপিৰেই হ’ব। নাগপুৰ দক্ষিণ পশ্চিম আসনৰ পৰা নিৰ্বাচিত হৈছে দেৱেন্দ্ৰ ফাড়নাৱিছ। তেওঁ পূৰ্বেও মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। একনাথ শিণ্ডে চৰকাৰত উপ-মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকা দেৱেন্দ্ৰ ফাড়নাৱিছে ২০১৯ চনতো মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ পাইছিল যদিও মাত্ৰ কেইদিনমানৰ পিছতে পদত্যাগ কৰিবলগীয়া হৈছিল। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল যথেষ্ট চাঞ্চল্যকৰ। ইয়াত মহাযুটিয়ে পুনৰবাৰ ক্ষমতালৈ অহাই নহয় ২৮৮জনীয়া বিধানসভাত ২৩০খন আসন লাভ কৰাৰ বিপৰীতে বিৰোধী মহা বিকাশ আঘাড়ীয়ে মাত্ৰ ৫০খন আসনত সীমাবদ্ধ আছিল। নিৰ্বাচনত বিজেপিয়ে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে। বিজেপিয়ে ১৩২খন, একনাথ শিণ্ডেৰ শিৱসেনাই ৫৭খন আৰু অজিত পাৱাৰৰ এনচিপিয়ে ৪১খন আসন লাভ কৰিছে। লগতে বিজেপিয়ে পালে পাঁচজন নিৰ্দলীয় বিধায়কৰ সমৰ্থন। আনহাতে মহা বিকাশ আঘাড়ীৰ প্ৰদৰ্শন অতি হতাশাজনক আছিল। নিৰ্বাচনত যি দাবী কৰি আছিল তাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ১৬খন, শৰদ পাৱাৰৰ এন চি পি-এছ পি ১০খন আৰু উদ্ধৱ থাকৰেৰ শিৱসেনাই ২০খন আসন লাভ কৰে।