দিব্যাংগক কটু শব্দ প্রয়োগ নকৰিবলৈ ৰাজনৈতিক দলক নির্দেশ নির্বাচন আয়োগৰ
বাৰ্তা ডিজিটেল ডেস্ক, ২৩ ডিচেম্বৰঃ নির্বাচনী প্রচাৰ সমাৱেশত ৰাজনৈতিক দলৰ নেতাৰ আপত্তিজনক আৰু অশোভনীয় শব্দৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততেই ৰাজনৈতিক দলসমূহক নাকী লগোৱাৰ পদক্ষেপ লৈছে ভাৰতৰ নির্বাচন আয়োগে৷ নির্বাচন আয়োগে ৰাজনৈতিক দলসমূহক অশোভনীয় আৰু আপত্তিজনক ভাষা ব্যৱহাৰ নকৰিবলৈ নির্দেশ দিয়াৰ লগতে ৰাজনৈতিক দলসমূহৰ বাবে নীতি–নির্দেশনা জাৰি কৰিছে৷ ২০২৪ চনৰ লোকসভা নির্বাচনৰ প্রাক্মুহূর্তত ৰাজনৈতিক দলসমূহক দিব্যাংগ লোক সম্পর্কিত অশোভনীয় তথা আপত্তিজনক ভাষা প্রয়োগ নকৰিবলৈ নির্দেশ দিছে৷ নির্বাচন আয়োগে ৰাজনৈতিক দলসমূহলৈ নির্দেশনা জাৰি কৰি দলৰ প্রতিনিধিসকলক আপত্তিজনক তথা অশোভনীয় ভাষা ব্যৱহাৰ নকৰিবলৈ বাধ্য কৰাব বুলিও আহ্বান জনাইছে আয়োগে৷ নির্বাচন আয়োগৰ এটা বিবৃতিত প্রকাশ পোৱা মতে শাৰীৰিকভাৱে অক্ষম তথা দিব্যাংগ লোক সম্পর্কীয় কোনোধৰণৰ আপত্তিজনক অথবা অশোভনীয় শব্দ ৰাজনৈতিক দলে ব্যৱহাৰ কৰিব নোৱাৰিব৷ কোনো ৰাজনৈতিক দলে নির্বাচনী প্রচাৰ সভাত দিব্যাংগ লোক সম্পর্কিত শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব৷ দিব্যাংগ লোক সম্পর্কিত ভাষা আৰু শব্দসমূহৰ ভিতৰত নির্বাচন আয়োগে কেইবাটাও শব্দ ব্যৱহাৰ নকৰিবলৈ স্পষ্ট কৰি দিছে৷ এই শব্দবোৰৰ হ’ল বোবা, পাগল, অন্ধ, কণা, খৰা, কলা, লেংৰা, অক্ষম আদি৷ এই শব্দকেইটা ব্যৱহাৰৰ পৰা ৰাজনৈতিক দলসমূহ আঁতৰি থাকিব লাগিব৷ কিয়নো এনেধৰণৰ শব্দ ব্যৱহাৰে বিশেষভাৱে সক্ষম তথা দিব্যাংগ লোকৰ প্রতি অসন্মান বুজোৱা হয়৷ তেওঁলোকৰ ওপৰত ন্যায় কৰা নুবুজায়৷ ৰাজহুৱা স্থানত অথবা ৰাজহুৱাভাৱে দিব্যাংগ লোক সম্পর্কিত শব্দবোৰ ব্যৱহাৰ কৰা উচিত নহ’ব বুলিও আয়োগে স্পষ্ট কৰি দিছে৷ দিব্যাংগ লোক সম্পর্কিত আপত্তিজনক শব্দ, ভাষা ব্যৱহাৰ কৰিলে তেনে ৰাজনৈতিক দলৰ নেতাৰ বিৰুদ্ধে দিব্যাংগ লোকৰ অধিকাৰ আইন ২০১৬ৰ ৯২ ধাৰাৰ অধীনত ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ৰাজনৈতিক দলসমূহে তেওঁলোকৰ সকলো ৰাজহুৱা বক্তব্য ৱেবছাইটযোগে প্রচাৰ কৰিব লাগিব যাতে এনে বক্তব্যসমূহ সকলো নাগৰিকে প্রত্যক্ষ কৰিব পাৰে৷