নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ৭টা পৰ্যায়ত লোকসভা নিৰ্বাচন : নিৰ্বাচন আয়োগৰ ঘোষণা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ মাৰ্চঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হল লোকসবা নিৰ্বাচনৰ তাৰিখ। এইবাৰ লোকসভা ৭টা পৰ্যায়ত অনুষ্ঠিত হব। দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। এই সময়ছোৱাত ২১খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটগ্ৰহণ কৰা হ’ব। প্ৰথম পৰ্যায়ত মুঠ ১০২খন লোকসভাৰ আসনত ভোটগ্ৰহণ হ’ব। ২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ত দেশৰ ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই সময়ছোৱাত দেশৰ ৮৯খন লোকসভা আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪খন লোকসভা আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৭ মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ১৩ মে’ত চতুৰ্থ পৰ্যায়ৰ অধীনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই সময়ছোৱাত দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬খন লোকসভা আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ২০ মে’ত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই সময়ছোৱাত ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯খন লোকসভা আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ষষ্ঠ পৰ্যায়ৰ সময়ছোৱাত ২৫ মে’ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। দেশৰ ৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭খন লোকসভা আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১ জুনত অনুষ্ঠিত হ’ব সপ্তম আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। শেষ পৰ্যায়ৰ সময়ছোৱাত ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটগ্ৰহণ কৰা হ’ব। এই সময়ছোৱাত লোকসভাৰ ৫৭খন আসনত ভোটগ্ৰহণ হ’ব। উল্লেখ্য যে জুনৰ ৪ তাৰিখে ফলাফল ঘোষণা কৰা হব। দেশৰ নিৰ্বাচন আয়োগে আজি দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত সংবাদ মেলত এই ঘোষণা কৰে।

You might also like