আধাৰ উন্নীতকৰণৰ সময়সীমা বৃ্দ্ধি
বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ আধাৰ কাৰ্ডধাৰীলৈ সুখবৰ। বিনামূলীয়াকৈ আধাৰ উন্নীতকৰণৰ সময়সীমা পুনৰ বৃদ্ধি কৰিলে একক পৰিচয় কৰ্তৃপক্ষই। বিনামূলীয়াকৈ আধাৰ আপডেট কৰাৰ অন্তিম তাৰিখ ১৪ ডিচেম্বৰত শেষ হৈছিল। আধাৰ কৰ্তৃপক্ষ ইউআইডিএআইয়ে আনুষ্ঠানিক আপডেটযোগে এই সময়সীমা বৃদ্ধিৰ বিষয়ে অৱগত কৰে। কৰ্তৃপক্ষই জনোৱা মতে, নাগৰিকৰ পৰা পোৱা ইতিবাচক সঁহাৰিৰ পৰিপ্ৰেক্ষিতত আধাৰ উন্নীতকৰণৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়া ২০২৪ চনৰ ১৪ মাৰ্চলৈকে কোনো মাচুল নিদিয়াকৈ মাই আধাৰ পৰ্টেলৰ জৰিয়তে আধাৰ আপডেট কৰিব পাৰিব। কৰ্তৃপক্ষই জনোৱা মতে, ২০২৩ চনৰ ১৫ ডিচেম্বৰৰ পৰা অহা ৩ মাহৰ বাবে অৰ্থাৎ ২০২৪ চনৰ ১৪ মাৰ্চলৈকে এই সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আধাৰ সবিশেষ আপডেট কৰাৰ বিনামূলীয়া সুবিধা মাই আধাৰ পৰ্টেলত উপলব্ধ আছিল। যদি কোনো ব্যৱহাৰকাৰীয়ে অনলাইনৰ পৰিৱৰ্তে আধাৰ কেন্দ্ৰলৈ গৈ অফলাইনত আধাৰ আপডেট কৰে, তেন্তে তেওঁ ২৫ টকা মাচুল দিব লাগিব। এতিয়া সময়সীমা বৃদ্ধি হোৱাৰ পিছতো একে ব্যৱস্থা অক্ষত থাকিব। অৰ্থাৎ অনলাইনৰ ক্ষেত্ৰতহে বিনামূলীয়া আধাৰ উন্নীতকৰণৰ সুবিধা উপলব্ধ হ’ব। ইয়াৰ বাবে ব্যৱহাৰকাৰীয়ে myAadhaar পৰ্টেল অৰ্থাৎ https://myadhaar.uidai.gov.in/ চাব লাগিব। বহু ক্ষেত্ৰত আধাৰৰ সবিশেষ আপডেট কৰাটো প্ৰয়োজনীয় হৈ পৰে। উদাহৰণস্বৰূপ, যদি আপোনাৰ ঠিকনা সলনি হৈছে তেন্তে ইয়াক আপডেট কৰা উচিত। আধাৰ কৰ্তৃপক্ষই সেইসকল ব্যৱহাৰকাৰীকো তেওঁলোকৰ আধাৰ আপডেট কৰিবলৈ কৈছে, যাৰ বাবে এই অনন্য পৰিচয় সৃষ্টি হোৱাৰ ১০ বছৰতকৈও অধিক হ’ল।
#বাৰ্তা ডেস্ক