বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কাৰ্পুৰী ঠাকুৰলৈ ভাৰতৰত্ন
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ জানুৱাৰীঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কাৰ্পুৰী ঠাকুৰলৈ মৰণোত্তৰভাৱে দিয়া হ’ব ভাৰতৰত্ন। কাইলৈ কাৰ্পুৰী ঠাকুৰৰ জন্ম বাৰ্ষিকী হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে এই ঘোষণা কৰিছে। দীৰ্ঘদিন ধৰি কাৰ্পুৰী ঠাকুৰক ভাৰতৰত্নৰে সন্মান জনোৱাৰ দাবী বাঢ়ি আহিছিল। আজি জেডিইউ নেতা কেচি ত্যাগীয়ে ঠাকুৰক ভাৰতৰত্ন দিয়াৰ লগতে তেওঁৰ নামত এখন বিশ্ববিদ্যালয় খোলাৰ দাবী জনাইছিল। কাৰ্পুৰী ঠাকুৰ বিহাৰৰ আছিল আৰু তেওঁক ‘জননায়ক’ বুলি জনা যায়। কিছুদিনৰ বাবে তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী হৈছিল। মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ প্ৰথম কাৰ্যকাল ১৯৭০ চনৰ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ জুন মাহলৈকে আৰু তাৰ পিছত ১৯৭৭ চনৰ ডিচেম্বৰৰ পৰা ১৯৭৯ চনৰ এপ্ৰিললৈকে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। প্ৰথমবাৰৰ বাবে সমাজবাদী পাৰ্টী আৰু ভাৰতীয় ক্ৰান্তি দলৰ চৰকাৰত মুখ্যমন্ত্ৰী আৰু দ্বিতীয়বাৰৰ বাবে জনতা পাৰ্টী চৰকাৰত মুখ্যমন্ত্ৰী হয়।