নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ জুনৰ পৰা ১৮ ঊর্ধ্বক বিনামূলীয়া ভেকচিন

নিয়মীয়া বাৰ্তা, ৮ জুনঃ কালান্তক ক’ভিড–১৯সৃষ্ট জটিল সন্ধিক্ষণত শংকিত দেশবাসীক সম্বোধন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰক লৈ ত্রাসিত দেশবাসীক সকাহ দি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সোমবাৰে ভেকচিনৰ লগতে দৰিদ্র জনতাক সকাহ দিয়াৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূর্ণ ঘোষণা কৰে৷ বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ অভিযান চলি থকাৰ সময়তে ভেকচিন নীতিক লৈ হোৱা বিতর্কৰ অৱসানৰ লক্ষ্যৰে প্রধানমন্ত্রী মোদীয়ে নতুন ভেকচিন নীতিৰ গুৰুত্বপূর্ণ সিদ্ধান্ত দেশবাসীক অৱগত কৰে৷ সোমবাৰে বিয়লি পাঁচ বজাত দেশবাসীক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰা মতে ১৮ বছৰ ঊর্ধ্বৰ সকলো ভাৰতীয় লোকক বিনামূলীয়াকৈ ভেকচিন প্রদান কৰিব কেন্দ্রীয় চৰকাৰে৷ ২১ জুনৰ পৰা ১৮ বছৰৰ ঊর্ধ্বৰ লোকক ভেকচিন প্রদানত হোৱা সকলো ব্যয় কেন্দ্রই বহন কৰিব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰসমূহে ধন ব্যয় কৰিব নালাগে৷ পূর্বৰ ঘোষিত ভেকচিন নীতি অনুসৰি ৰাজ্য চৰকাৰসমূহে ২৫ শতাংশ ভেকচিন নির্মাতাসকলৰ পৰা ক্রয় কৰিব লাগিছিল যদিও  প্রধানমন্ত্রী মোদীয়ে ৰাজ্য চৰকাৰৰ ২৫ শতাংশ ভেকচিন ক্রয় কৰিব নালাগে বুলি ঘোষণা কৰে৷

ৰাজ্য চৰকাৰৰ ২৫ শতাংশ ভেকচিনসহ এতিয়াৰে পৰা কেন্দ্রীয় চৰকাৰে নির্মাতাসকলৰ পৰা ৭৫ শতাংশ ভেকচিন ক্রয় কৰিব৷ নির্মাতাসকলৰ উৎপাদিত ৭৫ শতাংশ ভেকচিন ড’জ কেন্দ্রই ক্রয় কৰাৰ বিপৰীতে পূর্বে ঘোষিত নীতিৰ দৰেই ব্যক্তিগত চিকিৎসালয়সমূহে ২৫ শতাংশ ভেকচিন ক্রয় কৰিব পাৰিব৷ তেনেদৰে ব্যক্তিগত চিকিৎসালয়সমূহে ভেকচিন নির্মাতাসকলে নির্ধাৰণ কৰি দিয়া ভেকচিনৰ মূল্যৰ লগতে সেৱা মাচুল হিচাপে ১৫০ টকা ল’ব পাৰিব৷

আনপিনে, ক’ভিডসৃষ্ট পৰিস্থিতিৰ ফলত অসুবিধাৰ সন্মুখীন হোৱা দৰিদ্র জনতাক সকাহ দিয়াৰ লক্ষ্যৰে প্রধানমন্ত্রী গৰিব কল্যাণ অন্ন যোজনাৰ সুবিধা দীপাৱলীলৈকে সম্প্রসাৰিত কৰা হৈছে৷ দীপাৱলীলৈকে দেশৰ ৮০ কোটি জনতাই প্রতি মাহে বিনামূলীয়া ৰেচন লাভ কৰিব৷ উল্লেখ্য যে এবছৰৰ ভিতৰতে দুটাকৈ দেশীয় ভেকচিন দেশৰ বিজ্ঞানীসকলে প্রস্তুত কৰাৰ পাছত শিশুৰ কাৰণে ভেকচিন পৰীক্ষণ চলাই থকা সন্দর্ভতো প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰে৷ তেনেদৰে নাকেৰে দিয়া ভেকচিন (নজেল ভেকচিন) দুটাৰ পৰীক্ষণো দেশত চলি আছে বুলি প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰে৷ দেশবাসীক উদ্দেশ্যি ভাষণৰ আৰম্ভণিতে প্রধানমন্ত্রীগৰাকীয়ে মহামাৰীত প্রাণ হেৰুওৱা লোকৰ প্রতি শ্রদ্ধাঞ্জলি জনাই দুখ প্রকাশ কৰে৷

বিগত শতিকাৰ পাছত বিশ্বৰ বৃহত্তম দুর্যোগ ক’ৰোনা বুলি মন্তব্য কৰি প্রধানমন্ত্রী মোদীয়ে এই ক’ৰোনাৰ বিৰুদ্ধে ভাৰতে যুঁজ আছে বুলি কয়৷ দেশত নতুন ভেকচিন বিকাশৰ প্রক্রিয়া চলি থকা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে পৰৱর্তী কিছু দিনৰ ভিতৰতে ভেকচিনৰ যোগান বৃদ্ধি কৰিব বুলি দেশবাসীক নিশ্চিতি দিয়ে৷ এতিয়ালৈকে ২৩ কোটিৰো অধিক ভেকচিন ড’জ দেশত প্রদান কৰা হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে দেশৰ সচেতন নাগৰিকে টিকাকৰণক লৈ দেশজুৰি সজাগতা সৃষ্টি কৰাৰ বাবে আহ্বান জনায়৷

আনপিনে, ভেকচিনক সুৰক্ষা কৱচ আখ্যা দি প্রধানমন্ত্রীগৰাকীয়্ টিকাকৰণক লৈ উৰাবাতৰি প্রচাৰ কৰি দেশৰ দৰিদ্র জনতাৰ প্রতি অন্যায় কৰা হৈছে বুলি কয়৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সময়ছোৱাত এপ্রিল আৰু মে’ মাহত মেডিকেলত অক্সিজেনৰ চাহিদা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ প্রসংগৰে প্রধানমন্ত্রীগৰাকীয়ে কয় যে কাহানিও মেডিকেলত অক্সিজেনৰ এনে অভাৱনীয় চাহিদাৰ অভিজ্ঞতা নথকা দেশৰ ইতিহাসত চৰকাৰে সকলো ব্যৱস্থা প্রয়োগ কৰি যুদ্ধকালীন তৎপৰতাৰে অক্সিজেনৰ প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হয়৷ ক’ভিড–১৯ যুঁজৰ অগ্রগণী যোদ্ধাক বিনামূলীয়াকৈ ভেকচিন প্রদান কৰা হ’ব বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে  ঘোষণা কৰা ভেকচিন নীতি সন্দর্ভত ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰ মিলি সকলো প্রস্তুতি সম্পূর্ণ কৰিব বুলি কয়৷ ক’ভিড প্রট’কল বিশেষকৈ মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বর্তাই ৰখাটোৱেই ক’ৰোনা অদৃশ্য শত্রুৰ বিৰুদ্ধে যুঁজৰ অমোঘ অস্ত্র বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে দেশবাসীক ক’ভিড প্রট’কল মানি চলিবলৈ আহ্বান জনায়৷

You might also like