নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গুৰুত্বপূর্ণ বৈঠকত এছঅ’পি নির্ধাৰণ কৰিব শিক্ষা বিভাগে

নিয়মীয়া বাৰ্তা, ৮ জুনঃ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যৰ শৈক্ষিক জগতলৈ নামি আহিছে অনিশ্চয়তা৷ প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে পাঠদানৰ পৰা আৰম্ভ কৰি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ সৃষ্টি হৈছে এই অনিশ্চয়তা৷ ইয়াৰ মাজতে আজি শিক্ষা বিভাগৰ এখন গুৰুত্বপূর্ণ বৈঠকত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ লগতে পাঠদান সন্দর্ভত নতুন এছ অ’ পি প্রকাশ কৰা হ’ব৷  এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷

উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা কলা–সংস্কৃতি সংস্থা, অসম (আবিলেক)ৰ কার্যালয়ত উপস্থিত হৈ শিক্ষামন্ত্রী ডাঃ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে কাইলৈ অনুষ্ঠিত হ’বলগীয়া শিক্ষা বিভাগৰ গুৰুত্বপূর্ণ এই বৈঠকখনত ৰাজ্যৰ বিভিন্ন দল–সংগঠন, বুদ্ধিজীৱী–প্রশাসন, স্বাস্থ্য বিভাগ– পৰিবহণ বিভাগৰ প্রতিনিধিসকল উপস্থিত থাকিব৷ অহা ১৫–১৬ জুনৰ ভিতৰত অসমৰ শিক্ষার্থীসকলে ভাল খবৰ লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয়– ‘এই বৈঠকত পৰীক্ষা অনুষ্ঠিত কৰা সন্দর্ভত নতুন এছ অ’ পি প্রকাশ কৰা হ’ব৷ বানপানী হ’লেও যাতে পৰীক্ষা বন্ধ নহয়, তাৰ প্রতি বিশেষ গুৰুত্ব প্রদান কৰা হ’ব৷ বানপানীৰ পূর্বেই পৰিস্থিতি সাপেক্ষে পৰীক্ষা কেন্দ্রসমূহ নির্বাচন কৰা হৈছে৷ ক’ভিডৰ সংক্রমণৰ হাৰ ক্রমান্বয়ে হ্রাস পোৱাত শিক্ষার্থীসকলে সোনকালে ভাল খবৰ লাভ কৰাটো নিশ্চিত৷ সেয়েহে শিক্ষার্থীসকলে সুৰক্ষিত হৈ থাকি অধ্যয়ন অব্যাহত ৰাখক৷’

উল্লেখ যে সোমবাৰে পুৱা ১০ বজাত সংস্থাৰ কার্যালয়ত উপস্থিত হয় শিক্ষামন্ত্রীগৰাকী৷ সংস্থাৰ সঞ্চালক ড০ দিলীপ কুমাৰ কলিতাই তেওঁক সম্ভাষণ জনায়৷ মুখ্য কার্যালয় পৰিদর্শন কৰাৰ লগতে সঞ্চালক কলিতাৰ সৈতেও তেওঁ এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্রীগৰাকীয়ে কয় যে আবিলেক হৈছে সমগ্র অসমৰ বাবে এটা গুৰুত্বপূর্ণ সংস্থা৷ এই সংস্থাটোৱে অসমীয়া ভাষাৰ লগতে জনজাতীয়–জনগোষ্ঠী ভাষা–কৃষ্টিৰ বাবে গৱেষণা কৰি প্রকাশৰ ব্যৱস্থা কৰি আহিছে৷ অসমীয়া সাহিত্যৰ ইতিহাস সংকলন, জনজাতীয় অভিধান ৰচনা কৰি সংস্থাই অসমীয়া জাতিলৈ বিশিষ্ট অৱদান আগবঢ়াইছে৷ সেয়েহে আগন্তুক সময়ত এই সংস্থাটোক অধিক সক্রিয় কৰি তোলাৰ লগতে কামৰ পৰিধি বৃদ্ধি কৰা হ’ব বুলি তেওঁ প্রকাশ কৰে৷

You might also like