নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকুম্ভৰ ভক্তৰ মল-মূত্র, বেক্টেৰিয়াত বিষাক্ত গংগাৰ পানী

📌 কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ মহাকুম্ভত ত্রিবেণী সংগমত ভয়াৱহ প্রদূষণ৷ স্বয়ং কেন্দ্রীয় চৰকাৰৰ তথ্যতেই প্রকাশ পাইছে এই প্রদূষণৰ ভয়াৱহতা৷ বিশ্বৰ সবাতোকৈ বৃহত্তম সমাৱেশ হিচাপে পৰিগণিত প্রয়াগৰাজত আয়োজিত মহাকুম্ভ মেলাত গংগা নদীৰ লগতে ত্রিবেণী সংগমত অমৃতস্নানত অংশ লৈছে কোটি কোটি ভক্তই৷ এই অমৃতস্নানৰ সময়তেই গংগা নদীৰ লগতে ত্রিবেণী সংগম ভয়াৱহ প্রদূষণৰ কৱলত পৰিছে৷ কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ড চমুকৈ চিবিচিপিৰ দ্বাৰা প্রকাশিত তথ্য প্রকাশ কৰি ৰাষ্ট্রীয় সেউজ ন্যায়াধীকৰণে উদ্বিগ্নতা প্রকাশ কৰিছে৷ চিবিচিপিৰ প্রতিবেদন মতে, প্রয়াগৰাজত চলিত মহাকুম্ভ মেলাত কোটি কোটি ভক্তই অমৃতস্নান কৰাৰ সময়তে নদীত বৃদ্ধি পাইছে বেক্টেৰিয়াৰ পৰিমাণ৷ জানুৱাৰীৰ ১২–১৩ তাৰিখে নদীৰ পানী পৰীক্ষা কৰা হৈছিল৷ তাত দেখিবলৈ পোৱা গৈছে যে বায়’কেমিকেল অক্সিজেন ডিমাণ্ড (বিঅ’ডি)ৰ নিৰিখত এই পানী স্নানৰ বাবে উপযুক্ত নহয়৷ ইফালে, বিভিন্ন সময়ত নদীৰ পানী পৰীক্ষা কৰি আহিছে প্রদূষণ নিয়ন্ত্রণ ব’র্ডে৷ এই পৰীক্ষাৰ সময়ত ফিকাল ক’লিফর্ম বেক্টেৰিয়াৰ পৰিমাণো অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ তথ্য লাভ কৰিছে প্রদূষণ ব’র্ডে৷ এনে পানী স্নানৰ বাবে উপযুক্ত নহয় বুলি দাবী কৰিছে ব’র্ডে৷ অকল সেয়াই নহয়, কুম্ভমেলাৰ সময়তে নদীৰ বিভিন্ন স্থানত অবাধভাৱে ভক্তই মল–মূত্র ত্যাগ কৰাৰ ফলতো বিষাক্ত হৈ পৰিছে পানী৷ গতিকে, সেউজ ন্যায়াধিকৰণে উত্তৰ প্রদেশ প্রদূষণ নিয়ন্ত্রণ ব’ডক কাইলৈ ভার্চুৱেলী বিষয়টো সন্দর্ভত সবিশেষ জনাবলৈ নির্দেশ দিছে৷

You might also like