নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক : দেশত এদিনতে ৰে’লেৰে যাত্রা তিনি কোটি লোকৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ বিশ্বৰ ভিতৰতে ভাৰতত সর্বাধিক লোকে ৰে’লেৰে যাতায়াত কৰে৷ অর্থাৎ ৰে’ল যাতায়াতৰ ক্ষেত্রত ভাৰত সদায় আগত আছে৷ শেহতীয়াকৈ ভাৰতীয় ৰে’ল বিভাগে এক ঐতিহাসিক মাইল ফলক স্পর্শ কৰিবলৈ সক্ষম হৈছে৷ মাত্র এটা দিনতে তিনি কোটিতকৈ অধিক যাত্রী কঢ়িয়াইছে ভাৰতীয় ৰে’লে৷ যোৱা ৪ নৱেম্বৰত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে দেশৰ ৰে’ল বিভাগে৷ দেশৰ পৰিবহণ ইতিহাসত এয়া এক নতুন অভিলেখ৷ ৰে’ল মন্ত্রণালয়ৰ তৰফৰ পৰা শেহতীয়াকৈ এক বিবৃতিত সদৰী কৰা হৈছে এই তথ্য৷ ৪ নৱেম্বৰত দেশৰ ৰে’ল বিভাগে ১২০.৭২ লাখ গ্রামাঞ্চলৰ যাত্রী কঢ়িয়াইছিল৷ ইয়াৰ ভিতৰত সংৰক্ষিত আসনৰ যাত্রী আছিল ১৯.৪৩ লাখ আৰু ১০১.২৯ লাখ আছিল অসংৰক্ষিত আসনৰ যাত্রী৷ ইয়াৰ উপৰি নগৰ তথা নগৰৰ উপকণ্ঠীয় অঞ্চলৰ ১৮০ লাখ যাত্রীয়ে একেটা দিনত ৰে’লেৰে যাত্রা কৰিছিল৷ অর্থাৎ ৪ নৱেম্বৰৰ দিনটোত ৩ কোটিতকৈ অধিক লোকে ৰে’লেৰে যাত্রা কৰিছিল৷ ৰে’ল বিভাগত এয়া এক নতুন অভিলেখ৷ ইফালে যোৱা ১ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ বিহাৰ, উত্তৰ প্রদেশ আৰু ঝাৰখণ্ডৰ মাজত ৬.৮৫ কোটি লোকে ৰে’লেৰে যাত্রা কৰিছিল৷ অর্থাৎ অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডৰ জনসংখ্যাতকৈ অধিক লোকে এই সময়ছোৱাত ভাৰতত ৰে’লেৰে যাতায়াত কৰিছে৷

You might also like