IGLত নাম নলোৱাকৈ একনাথ শিণ্ডেক কটুক্তি, কুনাল কামৰাৰ ষ্টুডিঅ’ ভাঙিলে BMC-এ
নিউজ ডেস্ক, ২৪ মাৰ্চঃ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেক লৈ কমেডিয়ান কুনাল কামৰাৰ জিবেই সৃষ্টি কৰিছে এক নতুন বিতৰ্ক। তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে। ইফালে মুম্বাই পৌৰ নিগমে যি ষ্টুডিঅ’ত কুনাল কামৰাই ভিডিঅ’টো শ্বুট কৰিছিল সেই ষ্টুডিঅ’ ভাঙি পেলাইছে। হাতুৰী লৈ বিএমচিৰ দলটো ষ্টুডিঅ’ত উপস্থিত হয়।
ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা শিৱসেনাৰ নেতা প্ৰতাপ সাৰ্নাইকে কয় যে যি ষ্টুডিঅ’ত কুনাল কামৰাই শিৱসেনাৰ ওপৰত মন্তব্য কৰিছিল সেয়া অবৈধ আৰু ইয়াৰ ওপৰত বুলডজাৰৰ ব্যৱস্থা লোৱা উচিত, ইয়াৰ বাবে মই বিএমচিৰ আয়ুক্তৰ সৈতে কথা পাতিছো।
অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগত ৪৫০০ শিক্ষকৰ চাকৰি
ষ্টুডিঅ’ বন্ধ
দেওবাৰে নিশা খাৰ অঞ্চলত অৱস্থিত ‘হোটেল ইউনিকন্টিনেণ্টেল’ৰ বাহিৰত একনাথ শিণ্ডেৰ দল শিৱসেনাৰ কেইবাজনো কৰ্মীয়ে একত্ৰিত হৈ ক্লাব আৰু হোটেলৰ চৌহদ ভাঙি লণ্ডভণ্ড কৰে। বিতৰ্কিত শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ (Indias Got latent, IGL)ৰ শ্বুটিং হৈছিল খোদ ‘হেবিটেট ক্লাব’ত। এই শ্ব’টোত গালি-গালাজ আৰু অশ্লীল মন্তব্য কৰা হৈছিল।
ষ্টুডিঅ’ মেনেজাৰৰ পৰা বক্তব্য
এই বিতৰ্কৰ পিছত আজি ষ্টুডিঅ’ কৰত্ৃপক্ষই কয়, “আমাক লক্ষ্য কৰি শেহতীয়াকৈ সংঘটিত হোৱা বৰ্বৰ কাণ্ডৰ বাবে আমি স্তম্ভিত, আতংকিত আৰু গভীৰভাৱে বিধ্বস্ত হৈছো। শিল্পীসকলে নিজৰ ধাৰণা আৰু সৃষ্টিশীল পছন্দৰ বাবে একমাত্ৰ দায়বদ্ধ। আমি নিজকে আৰু আমাৰ সম্পত্তিক বিপদত নপৰাকৈ মুক্ত প্ৰকাশৰ বাবে এক মঞ্চ প্ৰদান কৰাৰ সৰ্বোত্তম উপায় বিচাৰি নোপোৱালৈকে কাম বন্ধ কৰি দিছো।”
কি কলে কুনাল কামৰাই?
শেহতীয়াকৈ কুনাল কামৰাই একনাথ শিণ্ডেৰ ওপৰত কমেডী কৰিছিল। তেওঁ কোনো নাম লোৱা নাছিল যদিও তেওঁৰ উল্লেখ আছিল উপ মুখ্যমন্ত্ৰীৰ প্ৰতি। তেওঁ ‘দিল তো পাগল হায়’ চিনেমাৰ গীতটোৰ ষ্টাইলত মন্তব্য কৰে।
কামৰাই কয়, “আগতে কি হৈছিল, শিৱসেনা বিজেপিৰ পৰা ওলাই আহিল। তেতিয়া শিৱসেনাৰ পৰা ওলাই আহিল শিৱসেনা। এন চি পিৰ পৰা ওলাই আহিল এন চি পি। এজন ভোটাৰক ৯টা বুটাম দিয়া হ’ল, সকলোৱে বিমোৰত পৰিল। এজন ব্যক্তিয়ে আৰম্ভ কৰিছিল তেওঁ মুম্বাইৰ এখন জিলা থানে, তাকেই প্ৰতিনিধিত্ব কৰে।
তেওঁ গাইছিল, “থানেৰ পৰা ৰিক্সা, মুখত দাড়ি, চকুত চশমা, অ’… মোক কেতিয়াবা আভাস দেখুৱাওক, গুৱাহাটীত লুকাই থাকক। মোৰ দৃষ্টিকোণৰ পৰা যদি মোক চায়, তেন্তে তেওঁক বিশ্বাসঘাতক যেন লাগে…
দুই মহাকাশচাৰীক জেপৰ ধন দিব ট্ৰাম্পে
এই কটুক্তি গোচৰত মুম্বাই আৰক্ষীয়ে কুনাল কামৰাৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে। ইয়াৰ সমান্তৰালকৈ ভাঙি-ছিঙি পেলোৱাৰ ক্ষেত্ৰতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।