নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ডৰ সংস্কৃতি-পৰিচয়ত অশান্তিৰ কাৰক অনুপ্ৰৱেশকাৰী : ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ অক্টোবৰঃ গৰম বতাহ বলিছে ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ। উত্থান-পতন তথা থ্ৰিলাৰ ছাছপেঞ্চেৰে ভৰপূৰ এইবাৰৰ নিৰ্বাচনত উঠিপৰি লাগিছে বিজেপি। এই দিশৰ পৰা আছে এক অসম কানেকচন। অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ শীৰ্ষনেতা ড০ হিমন্ত বিশ্ব শৰ্মা এইবাৰ ঝাৰখণ্ড নিৰ্বাচনৰ বিজেপিৰ সহঃ প্ৰভাৰীৰ দায়িত্ত আছে। অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সহ-প্ৰভাৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে। তেওঁ কয় যে অনুপ্ৰৱেশকাৰীয়ে ঝাৰখণ্ডৰ সংস্কৃতি আৰু জনজাতীয় পৰিচয়ত এক ভয়াৱহ অশান্তিৰ সৃষ্টি কৰিছে। পৰিস্থিতিৰ উন্নতি নহ’লে ঝাৰখণ্ড মিনি বাংলাদেশ হোৱাৰ পথত আগবাঢ়িছে বুলি সকীয়াই দিয়ে শৰ্মাই। তেওঁৰ এই বক্তব্যত ৰাজ্যখনত প্ৰব্ৰজনকাৰী বৃদ্ধি পোৱা বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে। বিজেপিক ৰাজ্যখনৰ নিৰাপত্তা আৰু উন্নয়নৰ একমাত্ৰ সমাধান বুলি অভিহিত কৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰত এই বিষয়টোক অগ্ৰাধিকাৰ দিব বুলিও মন্তব্য কৰে। ড০ শৰ্মাৰ এই বক্তব্যই ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে, যাৰ বাবে নিৰ্বাচনী পৰিৱেশ আৰু অধিক উত্তপ্ত হোৱা যেন লাগে। উল্লেখ্য যে দুটা পৰ্যায়ত অহা ১৩ আৰু ২০ নৱেম্বৰত ৰাজ্যখনত অনুষ্ঠিত হব ভোট গ্ৰহণ। ৰাজ্যখনত মুঠ সমষ্টিৰ সংখ্যা ৮১টা। ইয়াৰে প্ৰথম পৰ্য়ায়ত ৪৩টা আৰু দ্বিতীয় পৰ্য়ায়ত ৩৮টা সমষ্টিত ভোটগ্ৰহণ হব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হব।

You might also like