নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ্মিলনত অঘটন, চতুর্থ শ্রেণীত সহপাঠীৰ প্রহাৰ-ৰ ৫০ বছৰ পিছত প্রতিশোধ

শৈশৱ কালত স্কুলত এনে ঘটনা ঘটাটো স্বাভাৱিক৷ কিন্তু পাঁচ দশকতকৈ অধিক কালধৰি বালকৃষ্ণনে এই আক্রমণৰ কথা পাহৰিব পৰা নাছিল৷

পুনৰ্মিলনত অঘটন, চতুর্থ শ্রেণীত সহপাঠীৰ প্রহাৰ-ৰ ৫০ বছৰ পিছত প্রতিশোধ

নিউজ ডেস্ক, ১১ জুন : চতুর্থ শ্রেণীত পঢ়াৰ সময়তে সহপাঠীৰ হাতত প্রহূত হৈছিল এজন ব্যক্তি৷ শেহতীয়াকৈ সেই বিদ্যালয়ৰ পুৰণি ছাত্র–ছাত্রীসকলৰ ‘পুনৰ মিলন’ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷

ঘটনাক্রমে সেই অনুষ্ঠানত হাজিৰ হৈছিল আক্রান্ত আৰু আক্রমণকাৰী দুই সহপাঠী৷ পৰস্পৰ মুখামুখি হোৱাৰ লগে লগে পুৰণি সেই স্মৃতি ভাহি উঠে আক্রান্ত সহপাঠীৰ৷ তাৰ পাছৰ ঘটনা শেষপর্যন্ত গৈ থানা পায়৷

আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি ২ জুনত কেৰালাৰ কাছাৰগড়ৰ এখন বিদ্যালয়ত এই পুনৰ মিলন অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ অনুষ্ঠানত হাজিৰ হৈছিল অন্যসকলৰ লগতে বালকৃষ্ণন আৰু মেথিউ বালিয়াপ্পালাক্কন৷

উপস্থিত আছিল ভিজে বাবু নামৰ এজন ব্যক্তিও৷ তিনিও স্কুলৰ এটা শ্রেণীত একেলগে পঢ়িছিল৷ চতুর্থ শ্রেণীত পঢ়াৰ সময়ত বালকৃষ্ণনক আক্রমণ কৰিছিল বাবুৱে৷ শৈশৱ কালত স্কুলত এনে ঘটনা ঘটাটো স্বাভাৱিক৷ কিন্তু পাঁচ দশকতকৈ অধিক কালধৰি বালকৃষ্ণনে এই আক্রমণৰ কথা পাহৰিব পৰা নাছিল৷

গতিকে, হঠাতে বাবুৰ ওপৰত আক্রমণ চলায় বালকৃষ্ণনে৷ শিলেৰে বাবুৰ মুখ আৰু মূৰত আঘাত কৰে বালকৃষ্ণনে৷ ইয়াৰ পাছতে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীৰ সহায় ল’বলগীয়া হয়৷ আৰক্ষীয়ে বালকৃষ্ণন আৰু তেওঁৰ সহযোগী মেথিউক গ্রেপ্তাৰ কৰিছে৷ এই ঘটনাক লৈ কেৰালাৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷

You might also like