নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৯, ৩০ আৰু ৩১ মাৰ্চত দেশজুৰি খোলা আয়কৰৰ কাৰ্যালয়

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ আয়কৰ বিভাগে গুড ফ্ৰাইডেৰ বাবে চলিত মাহৰ লং উইকেণ্ড বাতিল কৰিছে। এইবাৰ গুড ফ্ৰাইডে ২৯ মাৰ্চ। ৩০ মাৰ্চ শনিবাৰ আৰু ৩১ মাৰ্চ পুনৰ দেওবাৰ। লগতে ২০২৩-২৪ বিত্তীয় বৰ্ষ ৩১ মাৰ্চত শেষ হ’ব। এই কাৰণতে আয়কৰ বিভাগে জনাইছে যে ২৯, ৩০ আৰু ৩১ মাৰ্চত সমগ্ৰ দেশৰ আয়কৰ বিভাগৰ কাৰ্যালয় খোলা থাকিব। প্ৰথম অৱস্থাত সকলোৱে অনুভৱ কৰিছিল যে বিত্তীয় বৰ্ষৰ শেষত তিনিদিনীয়া দীঘলীয়া উইকেণ্ড এটা পাব। এতিয়া ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি আয়কৰ বিভাগে স্পষ্ট কৰি দিছে যে এই ৩ দিন সকলো কাৰ্যালয় খোলা থাকিব। গুড ফ্ৰাইডেৰ বাবে দীঘলীয়া উইকেণ্ড পতনে বিত্তীয় বৰ্ষৰ শেষ সপ্তাহত চৰকাৰৰ কামত কোনো প্ৰভাৱ নপৰে তাৰ বাবে চেষ্টা চলাইছে। চৰকাৰৰ এই সিদ্ধান্তই কেৱল আয়কৰ বিভাগেই নহয়, কৰদাতাসকলকো লাভান্বিত কৰিব। আয়কৰ বিভাগে চৰকাৰী আদেশত জনাইছে যে বিভাগটোৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ বিত্তীয় বৰ্ষৰ শেষৰ ৩ দিন সকলো কাৰ্যালয় খোলা থাকিব। প্ৰতিবেদন অনুসৰি এই তাৰিখটো টিডিএছ কৰ্তনৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। লগতে ১৯৪M বা ১৯৪ আই এও ৩০ মাৰ্চৰ ভিতৰত পূৰণ কৰিব লাগিব। ইয়াৰ উপৰি এফ ডি, ই এল এছ এছ, ইউ এল আই পি, পি পি এফ, এছ চি এছ এছ, এন এছ চিকে ধৰি বহু কৰ সঞ্চয় আঁচনিৰ সময়সীমাও ৩১ মাৰ্চ। সেইবাবেই গুড ফ্ৰাইডেৰ দীঘলীয়া উইকেণ্ডটোৱে আয়কৰ বিভাগক চিন্তিত কৰি তুলিছিল। বন্ধ থাকিব ষ্টক মাৰ্কেট, শনিবাৰে মুকলি হ’ব বেংক। আয়কৰ বিভাগৰ এই সিদ্ধান্তৰ পিছত যদি আপুনি কৰ সম্পৰ্কীয় কাম কৰাৰ পৰিকল্পনা কৰিছিল, তেন্তে আপুনি সকাহ পাব। ইয়াৰ পূৰ্বে খবৰ আহিছিল যে লং উইকেণ্ডত শ্বেয়াৰ বজাৰ বন্ধ থাকিব আৰু ৩০ মাৰ্চ শনিবাৰেও বেংকসমূহ খোলা থাকিব।

You might also like