নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতত ধন নাই বাবে নিজেই জীপ নির্মাণ কৰিলে নদীয়াৰ যুৱকে

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মে’ : অভাৱ নিত্যসংগী৷ পেছাত অটো মেকানিক৷ চাৰিচকীয়া গাড়ী চলোৱাৰ প্রবল বাসনা থাকিলেও তাক ক্রয় কৰাৰ ক্ষমতা নাই৷ তথাপি থমকি ৰোৱা নাই এই অটো মেকানিক৷ ৬ মাহ চেষ্টা কৰি নিজেই নির্মাণ কৰিলে চাৰিচকীয়া এখন গাড়ী৷ যুৱকজনৰ কৃতিত অবাক হৈছে স্থানীয় বাসিন্দাসকল৷ এই গাড়ীখন চাবলৈ এতিয়া যুৱকজনৰ ঘৰত জনতাৰ ভিৰ৷ নদীয়া–মুর্শ্বিদাবাদ সীমান্তৱর্তী গোপালপুৰৰ বাউছমাৰী গাঁৱৰ বাসিন্দা সাগৰ চর্দাৰ৷ মাতৃ, পত্নী আৰু দুই ভাতৃক লৈ সাগৰৰ পৰিয়াল৷ অটো চলোৱাৰ উপৰি ইয়াৰ মেকানিক হিচাপেও কাম কৰে সাগৰে৷ কিন্তু যি উপার্জন হয়, তাৰ দ্বাৰা পৰিয়াল কোনোমতেহে চলাব পৰা যায়৷ কিন্তু মানুহৰ বিভিন্ন চখ থাকে৷ সাগৰৰো আছে লাখটকীয়া চখ৷ এই চখ হৈছে চাৰিচকীয়া গাড়ী এখন ক্রয় কৰি চলাব৷ কিন্তু গাড়ীখন ক্রয় কৰাৰ ক্ষমতা নাই৷ সেইবাবে নিজ হাতেৰে বেটাৰীচালিত জীপ নির্মাণ কৰিলে সাগৰে৷ সাগৰৰ মাতৃ জৰিনা বিবিয়ে উল্লেখ কৰা অনুসৰি সৰুৰে পৰা খেলনা সামগ্রীৰ পৰা বিভিন্ন শৈল্পিক সামগ্রী প্রস্তুত কৰিছিল সাগৰে৷ কিন্তু এইবাৰ একেবাৰে বেটাৰীচালিত জীপ নির্মাণ কৰি পেলালে সাগৰে৷ এই জীপখন নির্মাণ কৰিবলৈ ৬ মাহ সময় লাগিছে যুৱকজনৰ৷ এই ক্ষেত্রত কিছু ধন ঋণ হিচাপে লোৱাৰ উপৰি পত্নীৰ অলংকাৰ বন্ধকত থ’বলগীয়া হৈছে সাগৰে৷ অৱশ্যে নিজৰ চখৰ বাবে এই জীপ নির্মাণ কৰিলে যদিও ঋণ আদায় দিয়াৰ বাবে এতিয়া জীপখন বিক্রী কৰিব বিচাৰিছে মেকানিক সাগৰে৷ লক্ষণীয়ভাৱে এই জীপখন নির্মাণৰ বাবে সাগৰৰ খৰচ হৈছে ৩,৫০,০০০ টকা৷ এই জীপখন বিক্রী হ’লে পুনৰ জীপ নির্মাণ কৰিব বুলি সাগৰে উল্লেখ কৰে৷

You might also like