নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জালিকাট্টু’ বৈধ থাকিব তামিলনাডু–কর্ণাটক

বিশেষ বাৰ্তা, ১৯ মেঃ স্পেইনৰ ‘ছান ফার্মিন’ বা ষাঁড়ৰ সৈতে দৌৰা অথবা আমেৰিকাৰ ‘বুল ৰাইডিং’ৰ দৰেই বিপজ্জনক ‘জালিকাট্টু’৷ অতীতত একাধিক মর্মান্তিক দুর্ঘটনাও ঘটিছে৷ তথাপি তামিলনাডু, মহাৰাষ্ট্র আৰু কর্ণাটকৰ বাবে স্বস্তিৰ খবৰ৷ জালিকাট্টুৰ বৈধতা বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে৷ আজি দেশৰ শীর্ষ আদালতৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে জালিকাট্টুক লৈ ৰাজ্যসমূহৰ আইন বৈধ৷ তামিলনাডুত ফচল কটাৰ উৎসৱ পোংগলৰ অংশ হিচাপে ষাঁড়–মানুহৰ খেলা দেখিবলৈ পোৱা যায়৷ তামিলনাডু আৰু কর্ণাটকত জালিকাট্টু জনপ্রিয়৷ মহাৰাষ্ট্রতো এই খেলৰ প্রচলন আছে৷ তিনিওখন ৰাজ্যৰ আইন অনুসৰি বৈধ জালিকাট্টু৷ উচ্চতম ন্যায়ালয়ে তিনিওখন ৰাজ্যৰ আইনক আজি বৈধ বুলিয়েই ঘোষণা কৰিলে৷

You might also like